কৰিমগঞ্জ,14 জুন : অসম-ত্ৰিপুৰা সীমান্ত (ASSAM TRIPURA BORDER) ৰ চূড়াইবাৰীত সোমবাৰে আৰক্ষীয়ে পশুধন জব্দ কৰে । আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত কোনো ধৰণৰ নথি নথকাকৈ JK 02 CM-1753 নম্বৰৰ এখন ট্ৰাকৰ পৰা 17 টাকৈ গৰু আৰু ম’হ উদ্ধাৰ কৰে ৷ জব্দ কৃত পশুধনকেইটা বিহাৰৰ পৰা অসম হৈ ত্ৰিপুৰালৈ নিয়াৰ সময়তে উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনা সংক্ৰান্তত নাগা ৰয় আৰু ট্ৰাকখনৰ চালক সুভাষ চান্দাৰক আৰক্ষীয়ে আটক কৰিছে ।
অসম-ত্ৰিপুৰা সীমান্তত জব্দ পশুধন - গৰু-ম’হ
অসমক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি বিহাৰৰ পৰা ত্ৰিপুৰালৈ নিয়া হয় পশুধন । ত্ৰিপুৰাৰ পৰা এই পশুধনক বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ কৰা হয় । পশুধন সৰবৰাহৰ এই চোৰাং বেহাত আন্তৰ্জাতিক চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷

অসম ত্ৰিপুৰা সীমান্ত জব্দ কেইবাটাও গৰু-ম’হ
অসম-ত্ৰিপুৰা সীমান্তত জব্দ পশুধন
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অসমক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি বিহাৰৰ পৰা ত্ৰিপুৰালৈ নিয়া হয় পশুধন । ত্ৰিপুৰাৰ পৰা এই পশুধনক বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ কৰা হয় । পশুধন সৰবৰাহৰ এই চোৰাং বেহাত আন্তৰ্জাতিক চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷ বৰ্তমান সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ