অসম

assam

By

Published : Nov 7, 2020, 1:03 PM IST

ETV Bharat / state

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

ভূমি আগ্ৰাসনক কেন্দ্ৰ কৰি বিগত কিছু দিন ধৰি পাথাৰকান্দি সমষ্টিৰ অসম মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা ৷ শনিবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰি নিৰাপত্তা অৱস্থাৰ বুজ লয় আৰক্ষীৰ মহা পৰিদৰ্শক গৰাকীয়ে ৷

igp-arrived-at-assam-mizoram-boarder
অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

কৰিমগঞ্জ, 7 নৱেম্বৰ : ভূমি বিবাদক কেন্দ্ৰ কৰি পাথাৰকান্দি সমষ্টিৰ অসম মিজোৰাম সীমান্তত বৰ্তমানেও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ এই সন্দৰ্ভত অসম মিজোৰাম সীমান্তৰ মেদলিছৰা অঞ্চলত উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে শনিবাৰে উক্ত স্থান পৰিদৰ্শনৰ বাবে মেদলিছৰাত উপস্থিত হয় আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া ৷ বিষয়া জনৰ লগতে উক্ত স্থানত উপস্থিত হয় উপ আৰক্ষী মহা পৰিদৰ্শক দিলীপ দে, কৰিমগঞ্জৰ জিলা উপায়ক্ত আম্বামুথান এমপি আৰু আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ৷

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

ঘটনাস্থলীত উপস্থিত হৈ অসম মিজোৰাম সীমান্তৰ মেদলিছৰা দলঙৰ কাষত অসমৰ ভূমি আগ্ৰাসন কৰা মিজো নিৰাপত্তাৰক্ষীসকলৰ লগত অসমৰ বিষয়া সকলে কথা পতাৰ চেষ্টা কৰে যদিও আগবাঢ়ি নাহিল মিজো আৰক্ষী ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি, উক্ত স্থানত বৰ্তমান এক কোম্পানী এছ এছ বি বাহিনী মোতায়েন কৰা হৈছে ৷

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

এই সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়াংক কুমাৰে উল্লেখ কৰে যে, যদিও কৰিমগঞ্জ জিলাৰ অসম মিজোৰাম সীমান্তত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই তথাপি কিন্তু উক্ত অঞ্চলত এক উত্তেজনাই বিৰাজ কৰি আছে ৷ যাৰ বাৱে শনিবাৰে আইন শৃংখলাৰ দায়িত্ব থকা আৰক্ষী মহা পৰিদৰ্শকে আহি নিৰাপত্তাৰ বুজ লয় ৷ সীমান্তত থকা ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃতেজপুৰত এন এছ চি এনৰ দুৰ্ধষ কেডাৰ আটক

ABOUT THE AUTHOR

...view details