কৰিমগঞ্জ,27 মে’ : কৰিমগঞ্জৰ উত্তৰ বান্দৰকোনা গাঁৱত বুধবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জানিব পৰা মতে, পত্নীৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই পত্নীক ডিঙি চেপি হত্যা কৰিলে নিজ স্বামীয়ে ৷
আন যুৱকৰে প্ৰেম : স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক
কৰিমগঞ্জৰ উত্তৰ বান্দৰকোনা গাঁৱত পত্নীক ডিঙি চেপি হত্যা নিজ স্বামীৰ ৷ পত্নীৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে অভিযুক্ত স্বামীয়ে ৷
কৰিমগঞ্জত পত্নীক হত্যা স্বামীৰ
স্বামী জবৰুল ইছলামে নিজৰ ঘৰতেই পত্নী ছালেহা বেগমক শাৰীৰে ডিঙি ৰেপি হত্যা কৰি নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । ইয়াৰ পাচতে ছালেহা বেগমৰ পৰিয়ালৰ ফালৰ পৰা আৰক্ষী থানাত ৰুজু কৰা হয় এক গোচৰ । বৃহস্পতিবাৰে অভিযুক্ত স্বামী জবৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :গহপুৰত কাছৰ মাংসৰ সৈতে আটক দুজন
Last Updated : May 29, 2021, 10:34 AM IST