কৰিমগঞ্জ, ৫ আগষ্ট :বিগত ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur) এলেকাত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাৰ তিনিওখন জিলাত অব্যাহত আছে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) । এই অৰ্থনৈতিক অৱৰোধৰ ফলত নানা ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে মিজোৰাম । ত্ৰিপুৰাৰ দামছেৰা হৈ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গেৰে মিজোৰামে সংগ্ৰহ কৰিবলগীয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ।
তেনে অৱস্থাত খাদ্য সংকটত ভূগিছে মিজোৰামে । মিজোৰামত সুৰাৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ । অথচ বিগত সময়চোৱাত শিলচৰৰ পৰা একাংশ মিজো লোকে সুৰা সংগ্ৰহ কৰি মিজোৰামত সুৰাৰ চাহিদা পূৰণ কৰি আহিছিল । এতিয়া যিহেতু লাইলাপুৰ হৈ কোনো ধৰণৰ বাহন মিজোৰামত প্ৰৱেশ কৰিব পৰা নাই, সেয়ে সুৰাৰ বাবেও সমস্যাৰ সম্মুখীন হৈছে মিজোসকল । তথাপিও সুৰা সংগ্ৰহৰ বাবে মিজোসকলে অৱলম্বন কৰিছে বিভিন্ন পন্থা ।
ইফালে লাইলাপুৰৰ উপৰিও পাথাৰকান্দি সমষ্টিৰ বালিপিপলা এলেকাত স্থানীয় ৰাইজে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে । সেই স্থানতে এখন অস্থায়ী গেট স্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বজৰং দলৰ সদস্যই । যাতে কোনো সুৰা ভৰ্তি বাহন মিজোৰামত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে চোকা দৃষ্টি ৰাখিছে ৰাইজে ।