কৰিমগঞ্জ,17 জুন : ৰাজ্যত ড্ৰাগছকে ধৰি অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰা আদি জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰীক ৷
শেহতীয়াভাৱে কৰিমগঞ্জ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰে নিশা কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই অভিযান ৷ অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এজন লোকক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷