কৰিমগঞ্জ,23 ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ ঘাটিলৈ ক্ৰমাত পৰিণত হৈছে অসম ৷ প্ৰতিদিনে আৰক্ষীৰ অভিযানত ধৰা পৰিছে বহু ড্ৰাগছ ব্যৱসায়ী ৷ ৰাজ্যৰ প্ৰশাসন কঠোৰ হোৱা স্বত্বেও ৰাজ্যৰ পৰা নিৰ্মূল কৰিব পৰা নাই ড্ৰাগছৰ ব্যৱসায় ৷ সোমবাৰে নিশা কৰিমগঞ্জৰ ধৰ্মনগৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন নৈশ বাছত বিহাৰৰ বাসিন্দা জনৈক বিজিত কুমাৰৰ নামৰ যাত্ৰীগৰাকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চাৰিটাকৈ গাঞ্জাৰ পেকেট ।
কৰিমগঞ্জত উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ
সোমবাৰে নিশা কৰিমগঞ্জৰ এখন নৈশ বাছত উদ্ধাৰ চাৰিটাকৈ গাঞ্জাৰ পেকেট । গোপন সূত্ৰৰ পম খেদি সদৰ আৰক্ষীয়ে চহৰৰ সংলগ্ন টিলা বজাৰ আৰু সাদাৰাশিত অভিযান চলাই ইমৰাণ হুছেইন নামৰ যুৱকজনৰ ঘৰৰ পৰা 40 টা ড্ৰাগছ ভৰ্তি কাৰ্টুন আৰু দুটা চাবোনৰ বাকচ উদ্ধাৰ কৰে ৷
আনহাতে, কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আন এজন ড্ৰাগছ ব্যৱসায়ী ৷ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ । গোপন সূত্ৰৰ পম খেদি সদৰ আৰক্ষীয়ে চহৰৰ সংলগ্ন টিলা বজাৰ আৰু সাদাৰাশিত অভিযান চলাই ইমৰাণ হুছেইন নামৰ যুৱকজনৰ ঘৰৰ পৰা 40 টা ড্ৰাগছ ভৰ্তি কাৰ্টুন আৰু দুটা চাবোনৰ বাকচ উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনিৰ মূল্য কেইবালক্ষাধিক টকা হোৱাৰ কথা ব্য়ক্ত কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃবাংলাদেশত উপস্থিত ভাৰতীয় বায়ুসেনা প্ৰধান