কৰিমগঞ্জ, 24 নৱেম্বৰঃ অসম-ত্ৰিপুৰা সীমান্তত জব্দ বৃহৎ গাঞ্জা ভৰ্তি এখন ট্ৰাক ৷ ত্ৰিপুৰা চূড়াইবাৰী আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত জব্দ কৰা হয় গাঞ্জা ভৰ্তি ট্ৰাকখন ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 70 লাখ টকা বুলি আৰক্ষীয়ে জনায় আৰক্ষীয়ে । জব্দকৃত গাঞ্জা সন্দৰ্ভত গোপন সূত্ৰৰ পমখেদি আগতীয়াকৈ খবৰ লাভ কৰা বুলি জানিবলৈ দিয়ে বিএছএফ জোৱানে ৷ যাৰ পৰিপ্ৰেক্ষিতত HR-63-C-0968 নম্বৰৰ ট্ৰাক খনেৰে ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চান্দপুৰ এলেকাত আহি পোৱা সময়তে জব্দ কৰে ট্ৰাকখন ৷ লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালক বাদল দেৱক৷
অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় 70 লাখ টকাৰ গাঞ্জা - অসম-ত্ৰিপুৰা সীমান্তত জব্দ গাঞ্জা
জব্দ হোৱা গাঞ্জাখিনি অসমলৈ অনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দ হোৱা ট্ৰাকখনৰ পৰা মুঠ 88 পেকেট গাঞ্জাৰ ওজন দহ কিলোগ্ৰাম বুলি মন্তব্য কৰে আৰক্ষীয়ে
অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় 70 লাখ টকাৰ গাঞ্জা
আনহাতে, জব্দ হোৱা গাঞ্জাখিনি অসমলৈ অনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দ হোৱা ট্ৰাকখনৰ পৰা মুঠ 88 পেকেট গাঞ্জাৰ ওজন দহ কিলোগ্ৰাম বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷