অসম

assam

By

Published : Jul 5, 2020, 2:03 PM IST

ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত বুজন পৰিমাণৰ চুৰি সামগ্ৰীঃপলাতক চোৰ

ইমতাজ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে মন্দিৰৰ পৰা চোৰ কৰা কাহ-ঘন্টা,বাচন-বৰ্তন,মূৰ্তি,সোণ-ৰূপৰ অলংকাৰৰ লগতে বহুখিনি খুচুৰা পইচা উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি এই অভিযানত ইমতাজৰ ঘৰৰ পৰা আৰক্ষীয়ে ১৪ টাকৈ মোবাইল ফোন, ৩টা কম্পিউটাৰ, ১ টা প্ৰিন্টাৰ, ৫টাকৈ ৰন্ধন গেছ চিলিণ্ডাৰো উদ্ধাৰ কৰে ৷ কিন্তু ইমতাজক আটক কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটো ৷

KARIMGANJ
কৰিমগঞ্জ

কৰিমগঞ্জ, 5 জুলাইঃকৰিমগঞ্জত ইমতাজ আলী নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মূল্যৱান সামগ্ৰী ৷ কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দিয়া তথ্য অনুসৰি, বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে কৰিমগঞ্জ চহৰৰ সংলগ্ন জবাইপুৰ গাঁৱৰ ইমতাজ আলীৰ ঘৰত অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে ৷ এই অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে ৷

কৰিমগঞ্জ আৰক্ষী

লগতে পঢ়়কঃসংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

ইমতাজ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে মন্দিৰৰ পৰা চোৰ কৰা কাহ-ঘন্টা,বাচন-বৰ্তন,মূৰ্তি,সোণ-ৰূপৰ অলংকাৰৰ লগতে বহুখিনি খুচুৰা পইচা উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি এই অভিযানত ইমতাজৰ ঘৰৰ পৰা আৰক্ষীয়ে ১৪ টাকৈ মোবাইল ফোন, ৩টা কম্পিউটাৰ, ১ টা প্ৰিন্টাৰ, ৫টাকৈ ৰন্ধন গেছ চিলিণ্ডাৰো উদ্ধাৰ কৰে ৷ কিন্তু ইমতাজক আটক কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটো ৷ আৰক্ষী অহাৰ খবৰ পোৱাৰ পাছতে ঘৰৰ পৰা পলায়ন কৰে ইমতাজ ৷ ইফালে এমাহ পূৰ্বে কৰিমগঞ্জ চহৰ আৰু সলংগ্ন এলেকাত দুটাকৈ মন্দিৰৰ লগতে কেইবাটাও ঘৰত চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি পলাতক ইমতাজ আলীক আটক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : চাৰিমাহ ধৰি বন্ধ সাপ্তাহিক হাট বজাৰ : সাহাৰ্য্যৰ দাবী ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিৰ

ABOUT THE AUTHOR

...view details