কৰিমগঞ্জ, 17 জুলাই : ক'ভিড আতংকৰ মাজতে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ অভিযানত প্ৰায় আটাইকেইখন জিলাতে জব্দ হৈছিল বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত নিলামবজাৰ আৰক্ষী (Nilambazar Police) আৰু কৰিমগঞ্জ আৰক্ষীয়ে (Karimganj Police) জব্দ কৰিছে ম্যানমাৰৰ পৰা অহা বুজন পৰিমানৰ চিগাৰেট ৷ কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত চলা অভিযানত জিলাখনৰ নিলামবজাৰ এলেকাৰ পৰা জব্দ কৰা হয় অবৈধ উপায়ে ম্যানম্যাৰৰ পৰা অহা বুজন পৰিমাণৰ চিগাৰেট খিনি ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষী আৰু কৰিমগঞ্জ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কায়স্থগ্ৰাম অঞ্চলত বিশেষ অভিযান চলাইছিল ৷ উক্ত অভিযানত পাথাৰকান্দি সমষ্টিৰ পৰা অহা MZ 01 P 0978 নম্বৰৰ এখন বলেৰো পিকআপ বাহন কায়স্থগ্ৰাম এলেকাত অহাৰ পিছত আৰক্ষীৰ সন্দেহ হয় । গাড়ীখনত মূলতঃ ফলমূল আছিল যদিও আৰক্ষীয়ে নিলামবজাৰ থানালৈ বাহন খন লৈ অনাৰ পিছত বিতংভাৱে পৰীক্ষা নিৰীক্ষাৰ কৰাৰ অন্তত ফলমূলৰ তলত কঢিয়াই অনা সৰ্বমূঠ চল্লিশ কাৰ্টুন বাৰ্মিজ চিগাৰেট উদ্ধাৰ হয় ৷