অসম

assam

By

Published : Jun 5, 2021, 11:29 AM IST

ETV Bharat / state

কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন

কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে বুৰহান উদ্দিন নামৰ এজন যুৱকৰ ঘৰত চলোৱা অভিযানত প্ৰায় 1 লাখ টকাৰ নগদ ধন আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন
কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন

কৰিমগঞ্জ,5 জুন: ৰাজ্যত অব্যাহত আছে মিছন ড্ৰাগছ ৷ প্ৰত্যেকদিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধনসহ এজন ড্ৰাগছ ব্যৱসায়ী ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে বুৰহান উদ্দিন নামৰ এজন যুৱকৰ ঘৰত চলাইছিল অভিযান ৷ এই অভিযানতে যুৱকজনৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন

কৰিমগঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বুৰহান উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় এক লাখ টকা ৷ ইফালে আৰক্ষীয়ে প্ৰায় এক লাখ টকাৰ নগদ ধন জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বুৰহান উদ্দিন নামৰ যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:সৰ্থেবাৰীত আটক ড্ৰাগছ মাফিয়া

ABOUT THE AUTHOR

...view details