কৰিমগঞ্জ, 5 অক্টোবৰ : যিটো সময়ত ধৰ্মীয় কাৰণতে হওঁক বা ৰাজনৈতিক কাৰণতে একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি সমাজত হিন্দু-মুছলামানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেনে সময়তে কৰিমগঞ্জত ফুটি উঠিছে সম্প্ৰতিৰ অনন্য় নিদৰ্শন ৷ হিন্দু ধৰ্মৰ লোকক সম্পূৰ্ণ ৰীতি-নীতিৰে সৎকাৰ কৰিলে ইছলাম ধৰ্মালম্বী লোকে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, জিলাখনৰ বিদ্যাৰ্থী লেন দুইৰ বাসিন্দা অসীম চক্ৰৱৰ্তী উৰফে অপু নামৰ ব্যক্তিজনে ভনীয়েকৰ সৈতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে অঞ্চলটোত । অবিবাহিতা অসীমৰ প্ৰতিবেশী সকল ইছলাম ধৰ্মীয় লোক যদিও একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছিল ।
লগতে পঢ়ক :লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক
দেওবাৰে নিশা 9.30 বজাত হঠাৎ অপু নামৰ লোকজন অসুস্থ হৈ পৰে । লগে লগে ভনীয়েকে সন্মুখৰ ঘৰৰ পৰা লোক এজনক মাতি আনি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷ কিন্তু নিশা 12.05 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে লোকজন । ইছলাম ধৰ্মীয় লোক সকলে চিকিৎসালয়ৰ পৰা ঘৰলৈ আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ শ্মশানত শেষকৃত সম্পন্ন কৰে ।
যি সময়ত সমগ্ৰ দেশৰ লগতে এচাম লোকে ধৰ্মৰ নামত বিভাজন চলোৱাৰ চেষ্টা চলাই আছিছে তেনে সময়তে কৰিমগঞ্জত ইছলাম ধৰ্মীয় লোকে সমাজলৈ এক বাৰ্তা কঢ়িয়াই আনিছে ৷
বিদ্যাৰ্থী লেনৰ ছৈয়দ মুজিব আহমেদ, টিপু চুলতান চৌধুৰী, মোক্তাৰ হুছেইন, নুৰুল ইছলাম, হাজী চানুৰ মিয়া ও মোলান আহমেদ এই ক্ষেত্ৰত আগভাগ লয় । অসীম চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 65 বছৰ ।
লগতে পঢ়ক :নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা