অসম

assam

ETV Bharat / state

কেৱল দূৰ্নীতিৰ বাবেই উন্নয়ন হোৱা নাই বৰাক উপত্যকাত- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - বৰাক উপত্যকা

বিগত এক বছৰে ঝালুকবাড়ি সমষ্টিৰ ২৫ কোটিৰ বিপৰীতে ৰাতাবাৰি সমষ্টিত ৪০ কোটি টকা দিয়াৰ পাছতো অতি নিম্ন মানৰ কাম হৈছে | কেইদিনৰ ভিতৰত ৰাতাবাড়ি সমষ্টিৰ নিম্নমানৰ কামৰ বাৱে গড়কাপ্তানী বিভাগৰ তিনি বিষয়াক নিলম্বন কৰা হ'ব ৷

বৰাক উপত্যকা পিছ পৰাৰ মুল কাৰন দূৰ্ণীতিঃ মন্ত্ৰী হিমন্ত

By

Published : Nov 8, 2019, 11:54 PM IST

কৰিমগঞ্জ, 8 নৱেম্বৰঃ দলীয় সাংসদ আাৰু বিধায়কৰ সম্মুখতে নিম্নমানৰ পথ নিৰ্মানক লৈ তুলাধুনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কলে, বৰাক উপত্যকা পিছ পৰাৰ মুল কাৰন দূৰ্নীতি | বহুতে কয় চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত বৈষম্য কৰে | কিন্তু বিগত এক বছৰে ঝালুকবাড়ি সমষ্টিৰ ২৫ কোটিৰ বিপৰীতে ৰাতাবাৰি সমষ্টিত ৪০ কোটি টকা দিয়াৰ পাছতো অতি নিম্ন মানৰ কাম হৈছে | কেইদিনৰ ভিতৰত ৰাতাবাড়ি সমষ্টিৰ নিম্নমানৰ কামৰ বাৱে গড়কাপ্তানী বিভাগৰ তিনি বিষয়াক নিলম্বন কৰা হ'ব | শুকুৰবাৰে কৰিমগঞ্জত মাতৃত্ব আৰু শিশু স্বাস্থ্য ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে |

বৰাক উপত্যকা পিছ পৰাৰ মুল কাৰন দূৰ্নীতিঃ মন্ত্ৰী হিমন্ত

উল্লেখ্য যে, চাৰি বছৰৰ অন্তত শুকুৰবাৰে কৰিমগঞ্জত এশখন বিচনা যুক্ত মাতৃত্ব আৰু শিশু স্বাস্থ্য ভৱনৰ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | লগতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয় 200 খন বিচনাযুক্তৰ পৰা 300 খন বিচনালৈ বৃদ্ধি কৰে ৷

তাৰোপৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এপ'ল চিকিৎসালৰ সহযোগত কিডনিৰ চিকিৎসাৰ বাৱে সম্পূৰ্ণ বিনামূলীয়া এখন অত্যাধুনিক ডাইলাছিচ ইউনিট বনোৱা হ'ব বুলি মন্তব্য কৰে |

বৰাক উপত্যকা পিছ পৰাৰ মুল কাৰন দূৰ্নীতিঃ মন্ত্ৰী হিমন্ত

ABOUT THE AUTHOR

...view details