কৰিমগগঞ্জ, 25 ছেপ্টেম্বৰ :শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনত উপস্থিত হৈ কোভিড-19ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বহুকেইটা অঞ্চল পৰিভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জত উপস্থিত হিমন্ত বিশ্ব শৰ্মা জিলাখনৰ ৰাতাবাৰী সমষ্টিৰ আৰকে নগৰত উপস্থিত হৈ নগৰখনৰ বহু প্ৰতীক্ষিত প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জত উপস্থিত হিমন্ত বিশ্ব শৰ্মা একেদিনাই আৰ কে নগৰ আৰু আনিপুৰ-বিদ্যানগৰ সংযোগস্থলীৰ পৰা দূৰ্লভচেৰা আনিপুৰ সংযোগস্থলী হৈ বিদ্যানগৰৰ পৰা কদমতলা পথ নিৰ্মাণৰ বাবে 10 কোটি টকা আৰু আনিপুৰ যামুৱাং পথটো বহল কৰাৰ লগতে উন্নীতকৰণৰ বাবে 42.76 কোটি টকাৰ কামৰ আনুষ্ঠানিক শিলান্যাস কৰে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জত উপস্থিত হিমন্ত বিশ্ব শৰ্মা পথৰ বাবে বাজেটত ধাৰ্য কৰা 100 কোটি টকাৰ অংশ হিচাপে এই প্ৰকল্প দুটা হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই দিনৰ কাৰ্যসূচীত উপস্থিত আছিল কৰিমগঞ্জৰ সাংসদ শ্ৰীযুত কৃপানাথ মাল্লা আৰু ৰাতাবাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত বিজয় মালাকাৰ তথা পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল ।
লগতে পঢ়ক :চিৰাঙত বিটিআৰক লৈ উচাহ, আয়োগৰ সদস্যক সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ