অসম

assam

ETV Bharat / state

ৰাতাবাৰীৰ উপ-নিৰ্বাচনত মন্ত্ৰী হিমন্তৰ প্ৰচাৰ

চাহ জনগোষ্ঠীৰ লোকক বিভিন্ন সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি ৷ ৰাতাবাৰী নিৰ্ণায়ক ৰূপত চাহ জনগোষ্ঠীয় ভোটাৰ ৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ হিন্দী ভাষীসকলৰ সুৰক্ষা বৃদ্ধি পোৱাৰ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

ৰাতাবাৰী দুৰ্লভছৰাৰ বিশাল নিৰ্বাচনী জনসভাত ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 16, 2019, 7:45 PM IST

কৰিমগঞ্জ, 16 অক্টোবৰঃকৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ জোৰদাৰ প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 15 অক্টোবৰৰ পৰাই ৰাতাবাৰীত প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 7 খন জনসভাৰ লগতে এটা ৰোড শ্ব' সম্পন্ন কৰে ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ দুৰ্লভছৰাত অনুষ্ঠিত এক বিশাল জনসভাত মন্ত্ৰী শৰ্মাই চাহ জনগোষ্ঠী তথা হিন্দীভাষী ভোটাৰক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা

মেট্ৰিক পাছ কৰাৰ পাচত চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক দহ হেজাৰকৈ টকা দিয়া,বাগানৰ শ্ৰমিকক বিনামূলীয়াকৈ চেনী প্ৰদান কৰা ইত্যাদি বিভিন্ন প্ৰতিশ্ৰুতিৰে তেওঁ ভোটাৰৰ মন আকৰ্ষিত কৰাৰ চেষ্টা কৰে ৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ হিন্দী ভাষীসকলৰ সুৰক্ষাও বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে ৷

ৰাতাবাৰী মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 62 হেজাৰ ৷ ইয়াৰে সংখ্যালঘু ভোটাৰৰ সংখ্যা 52 হেজাৰ,হিন্দু বঙালী ভোটাৰৰ সংখ্যা 62 হেজাৰ,মণিপুৰী ভোটাৰ 12 হেজাৰ,উপজাতিৰ ভোটাৰ হৈছে 3.5 হেজাৰ আৰু চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা হৈছে 34 হেজাৰ। সেয়ে গৰিষ্ঠসংখ্যক সংখ্যালঘু ভোট যদি কংগ্ৰেছে লাভ কৰে আৰু হিন্দু বঙালীৰ গৰিষ্ঠসংখ্যক ভোট যদি বিজেপিয়ে লাভ কৰে তেন্তে চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। সেইবাবেই চাহ জনগোষ্ঠীয় ভোটাৰৰ সম্পৰ্কত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ আনহাতে,বুধবাৰে দুৰ্লভছৰাৰ এই জনসভাত সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা কুমাৰী ৰবিদাসৰ পুত্ৰ ৰাজীব ৰবিদাস সহ শতাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে ।

ABOUT THE AUTHOR

...view details