কৰিমগঞ্জ, 26 ছেপ্তেম্বৰঃ শুকুৰবাৰে কৰিমগঞ্জত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনৰ ৰাতাবাৰী সমষ্টিত কেইবাটাও আঁচনিৰ অধাৰশিলা স্থাপন কৰাৰ লগতে দলীয় কৰ্মীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও কৰিমগঞ্জত প্ৰস্তাৱিত মেডিকেল কলেজ হাস্পতাল সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী শৰ্মাই কয়,বিধায়ক কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰৰ মাজত বুজাবুজি হ’লে দহ দিনৰ ভিতৰতে আৰম্ভ হ’ব কৰিমগঞ্জ মেডিকেল কলেজ হাস্পতালৰ প্ৰক্ৰিয়া ৷ পূজাৰ পূৰ্বে বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - হিমন্ত বিশ্ব শৰ্মা শেহতীয়া বাতৰি
শুকুৰবাৰে কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিত কেইবাটাও আঁচনিৰ অধাৰশিলা স্থাপন কৰাৰ লগতে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
![কৰিমগঞ্জত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ Himanta Biswa Sarma attended several foundation stone ceremonies at Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8943409-thumbnail-3x2-k.jpg)
কৰিমগঞ্জত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কৰিমগঞ্জত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
আনহাতে, মন্ত্ৰীগৰাকী বৰাক উপত্যকাত উপস্থিত হোৱাৰ পূৰ্বেই ৰাতাবাৰী আৰু পাথাৰকান্দিত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছে ৷