অসম

assam

ETV Bharat / state

চালানী প্ৰাৰ্থীৰেও উন্নয়ন সম্ভৱঃ হিমন্ত বিশ্ব শৰ্মা - by poll elections

ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত কংগ্ৰেছক বন্ধ হোৱা 500 টকীয়া নোটৰ লগত তুলনা কৰিলে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

চালানী প্ৰাৰ্থীৰেও উন্নয়ন সম্ভৱঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 15, 2019, 8:43 PM IST

Updated : Oct 16, 2019, 6:00 AM IST

কৰিমগঞ্জ, 15 অক্টোবৰ :ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ তিনি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰত্যেকটো ৰাজনৈতিক দলে চলাইছে প্ৰচাৰ কাৰ্য ৷ পিছপৰি থকা নাই ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাও ৷ মঙলবাৰে ৰাতাবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ ৰাতাবাৰীৰ গান্ধীনগৰ পঞ্চায়তৰ দাস নয়াগ্ৰাম অঞ্চলত প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আধাতকৈ অধিক আসন খালী হৈ থকা নিৰ্বাচনী প্ৰচাৰ সভাখনত উদাত্ত কণ্ঠৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰে ৷

ৰাতাবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

কংগ্ৰেছক সমালোচনা কৰি শৰ্মাই কয় যে,কংগ্ৰেছ দল পুৰণি 500 টকা নোটৰ দৰে,যি বজাৰত নচলে ৷ সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য উভয়তে যিহেতু বিজেপিৰ চৰকাৰ গতিকে কংগ্ৰেছক ভোট দিয়াটো একপ্ৰকাৰৰ ভুল সিদ্ধান্ত ৷ কংগ্ৰেছে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰক বাহিৰা প্ৰাৰ্থী বুলি চলোৱা প্ৰচাৰৰ সন্দৰ্ভতো কটাক্ষ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত তেখেতে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক নেতাৰ উদাহৰণ দিয়ে ৷ কামৰ মানসিকতা থাকিব লাগে সেয়া লাগিলে চালানীয়ে হওক বা লোকেলে হওক বুলিও মন্তব্য কৰে হিমন্ত বিশ্বই ৷

ৰাতাবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

ইপিনে, সন্ধিয়া কেইবা শতাধিক বিজেপি কৰ্মীকলৈ প্ৰায় সাত কিলোমিটাৰযোৰা পদযাত্ৰা কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ পদযাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা, শিলচৰৰ বিধায়ক দিলীপ পাল, বিধায়ক কৃশেন্দু পাল সহ দলটোৰ কেইবাজনো উচ্চস্তৰীয় নেতাই ৷

Last Updated : Oct 16, 2019, 6:00 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details