কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : কৰিমগঞ্জত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইষ্ট পইন্ট পাব্লিক স্কুলৰ প্ৰধান শিক্ষক এ. বি. হান্নানে নিজ বিদ্যালয়ৰ ছাত্ৰীৰ ফটো প্ৰকাশ কৰি দাবী কৰিছে যে, বিদ্যালয়ৰ ছাত্ৰীসকলে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা হৈছে ৷ ছেবাৰ নিয়ন্ত্ৰণাধীন বিদ্যালয়খনত হিজাব পিন্ধা বাধ্যতামূলক কৰা পাছতে সৃষ্টি হয় বিতৰ্কৰ ৷ সোমবাৰে ফেছবুক পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰাৰ পাছত মঙলবাৰে বিদ্যালয়ত উপস্থিত নহ'ল প্ৰধান শিক্ষক হান্নান ৷
হিজাব বাধ্যতামূলক কৰিমগঞ্জৰ এখন বেচৰকাৰী বিদ্যালয়ত - বিদ্যালয় পৰিচালন সমিতিৰ সদস্য ৰুপন চৌধুৰী
কৰিমগঞ্জত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইষ্ট পইন্টৰ প্ৰধান শিক্ষক এ. বি. হান্নানে নিজ বিদ্যালয়ৰ ছাত্ৰীৰ ফটো প্ৰকাশ কৰি দাবী কৰিছে যে, বিদ্যালয়ৰ ছাত্ৰীসকলে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা হৈছে ৷ ছেবাৰ নিয়ন্ত্ৰণাধীন বিদ্যালয়খনত হিজাব পিন্ধা বাধ্যতামূলক কৰা পাছতে সৃষ্টি হয় বিতৰ্কৰ ৷
![হিজাব বাধ্যতামূলক কৰিমগঞ্জৰ এখন বেচৰকাৰী বিদ্যালয়ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4471914-thumbnail-3x2-hi-2.jpg)
ইষ্ট পইন্ট পাব্লিক স্কুল
কৰিমগঞ্জৰ এখন বেচৰকাৰী বিদ্যালয়ত হিজাব বাধ্যতামূলক
বিদ্যালয় পৰিচালন সমিতিৰ সদস্য ৰুপন চৌধুৰীয়ে মন্তব্য কৰে যে, হিজাব পিন্ধি অহাটো বাধ্যতামূলক নহয় ৷ আনকি বিদ্যালয়ৰ 80 শতাংশ শিক্ষক অমুছলিম বুলিও দাবী কৰে চৌধুৰীয়ে ।