অসম

assam

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট জাৰি

By

Published : Jan 25, 2020, 11:41 PM IST

৭১ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে ৰাজ্যত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷ কৰিমগঞ্জ জিলাৰ সীমান্ততো জাৰি কৰা হৈছে হাই এলাৰ্ট ৷ জিলাখনত থকা ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত শুকুৰবাৰে বৃদ্ধি কৰা হৈছে বি এছ এফ ৰ টহলদাৰি ৷

কৰিমগঞ্জ
কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট

কৰিমগঞ্জ,25 জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে কৰিমগঞ্জত চলিছে ব্যাপক প্ৰস্তুতি ৷ লগতে সীমান্তত বৃদ্ধি কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ উল্লেখ্য যে,জিলাখনত থকা ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত শুকুৰবাৰে হাই এলাৰ্ট জাৰিৰ পিছতে বৃদ্ধি কৰা হৈছে বি এছ এফ ৰ তহলদাৰি ৷ দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সীমান্তত ওৰে নিশা বি এছ এফ ৰ জোৱানে অব্যাহত ৰাখিছে তহলদাৰি কাৰ্য ৷ জিলা তথা আৰক্ষী প্ৰশাসনেও এইক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ৷

কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট

আনফালে,কৰিমগঞ্জ জিলাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচ কাৱাজ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ প্ৰস্তুতি আৰু সুৰক্ষা সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণায়ে কয়,মুঠ ২০টা দলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব ৷ কৰিমগঞ্জ আন্তৰ্জাতিক সীমামুৰীয়া জিলা হোৱা বাবে সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ৷

লগতে চাওকঃবাক্সাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ

ABOUT THE AUTHOR

...view details