কৰিমগঞ্জ, ৮ এপ্ৰিল :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অসম আৰক্ষীয়ে বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অহৰহ অভিযান চলাই আছে (Assam Police raid against drugs)। কিন্তু আৰক্ষীৰ নাকৰ তলেৰে এতিয়াও ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ হৈ আছে ।
আৰক্ষীৰ চকুত ধুলি দিবলৈ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰাও দেখা গৈছে । কোনোৱে যদি বাহনৰ চীটৰ তলত লুকুৱাই আনিছে, কোনোৱে বাহনৰ গোপন স্থানত আনিছে নিষিদ্ধ সামগ্ৰী ।কৰিমগঞ্জ জিলাত শেহতীয়াকৈ দেখা গৈছে যে একাংশ দুষ্টচক্ৰই ড্ৰাগছ সৰবৰাহৰ বাবে বিভিন্ন পন্থা হাতত লৈছে ।
অৱশ্যে আৰক্ষীৰ কঠোৰ তালাচীত বিফল হৈছে দুষ্টচক্ৰৰ বহু কৌশল । এইবাৰ পুনৰ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ২৫ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন (Heroin seized in Karimganj)। বৃহস্পতিবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী আৰু ৰামকৃষ্ণনগৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ হিৰ'ইনখিনি । ঈশানচৰা অঞ্চলত তালাচী চলাই এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে হিৰ'ইনখিনি ।