কৰিমগঞ্জ, 8 জুলাই : কৰিমগঞ্জৰ সুপ্ৰাকান্দি অঞ্চলত স্থাপন কৰা হেলিপ’ৰ্ট (Heliport) অৰ্থাৎ বন্দৰ নিৰ্মাণৰ কাম ৰহস্যজনকভাৱে বন্ধ হৈ পৰাক লৈ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ হেলিপ’ৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কিছুদিন পাচত ৰহস্যজনক ভাৱে বন্ধ হৈ পৰে অভিলাষী আঁচনিৰ কাম । হেলিপ’ৰ্ট নিৰ্মাণৰ বাবে চৰকাৰক ভূমি প্ৰদান কৰাসকলে নাপালে মাটিৰ মূল্য ৷ আনকি ঘূৰাই নাপালে চৰকাৰক প্ৰদান কৰা কৃষিভূমিও ৷
উল্লেখ্য যে, 2018 চনত লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই আধাৰশিলা স্থাপন কৰিছিল এই বন্দৰটোৰ ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে স্থানীয় ৰাইজক বুজাই দিয়া হৈছিল হেলিপ’ৰ্টৰ অৰ্থ ৷ ভিতৰুৱা এটা অঞ্চলত এনে এখন অভিলাষী আঁচনিৰ কথা শুনি ৰাইজে সপোন দেখিছিল যে এই আঁচনিৰ যোগেদি অঞ্চলটো উন্নত হ’ব । সপোন পূৰণৰ বাবে প্ৰায় 12 বিঘা মাটি চৰকাৰক চৰ্তানুযায়ী প্ৰদান কৰিছিল অঞ্চলবাসীয়ে ।
প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে হেলিপ’ৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । আনকি মাটি ভৰাই এটা প্ৰান্তত গাৰ্ড ৱাল পৰ্যন্ত নিৰ্মাণ কৰা হৈছিল । কিন্তু ৰহস্যজনকভাৱে হঠাতে বন্ধ কৰি দিয়া হৈছিল হেলিপ’ৰ্ট নিৰ্মাণৰ কাম ।