কৰিমগঞ্জ, 25 মে’: কৰিমগঞ্জত সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হয় ৷ ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰ টিনপাত উৰি যোৱাৰ লগতে কেইবাটাও গৃহ ভাঙি পৰে ৷ ঠায়ে ঠায়ে গছ উঘালি পৰাৰ লগতে বিদ্যুতৰ খুঁটা বাগৰি যোৱাত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰে ।
কৰিমগঞ্জত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি - Karimganj
কৰিমগঞ্জত ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰ টিনপাত উৰি যোৱাৰ লগতে কেইবাটাও গৃহ ভাঙি পৰে ৷ ঠায়ে ঠায়ে গছ উঘালি পৰাৰ লগতে বিদ্যুতৰ খুঁটা বাগৰি যোৱাত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰে ।
![কৰিমগঞ্জত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি heavy damage caused by heavy wind in Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11888381-thumbnail-3x2-shiva.jpg)
কৰিমগঞ্জত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি
কৰিমগঞ্জত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি
বিয়লী পাঁচ মান বজাত বাংলাদেশৰ দিশৰ পৰা আহে ধুমুহাজাক । ফলত জিলাখনৰ ভিন্ন প্ৰান্ত বিশেষকৈ উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত কেইবাটাও ঘৰ, গছ-গছনিৰ ক্ষতিসাধন হয় ।
লগতে পঢ়ক :কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত চেনিটাইজেছন