কৰিমগঞ্জ, 20 আগষ্ট: কৰ‘ণাত আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে কৰিমগঞ্জৰ ক'ভিড-19 চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কৰিমগঞ্জ চহৰৰ বনমালী পথৰ বাসিন্দা শুক্লা দত্ত (60) নামৰ মহিলাগৰাকীৰ শৰীৰত ক‘ভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছত বুধবাৰে বিয়লি ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ ক‘ভিড-19 চিকিৎসালয়ত ৷ কিন্তু সন্ধিয়াৰ ভাগত ৰোগীগৰাকীৰ অৱস্থা শোচনীয় হৈ পৰাৰ বাবে তেখেতক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
কৰ‘ণাত আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি - ক'ভিড-19 চিকিৎসালয়
এম্বুলেঞ্চৰ অভাৱত মহিলাগৰাকীক শিলচৰ মেডিকেল কলেজলৈ পঠিয়াব পৰা নগ'ল আৰু যাৰ পৰিণতিত ক'ভিড হাস্পতালতে ৰোগীগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷
কৰ‘ণাত আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি
কিন্তু, এম্বুলেঞ্চৰ অভাৱত মহিলাগৰাকীক শিলচৰ মেডিকেল কলেজলৈ পঠিয়াব পৰা নগ'ল আৰু যাৰ পৰিণতিত ক'ভিড হাস্পতালতে ৰোগীগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷ মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ মতে, উন্নত চিকিৎসাৰ অভাৱতেই মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
লগতে পঢ়ক :ৰকিবুল হুছেইনৰ অনুষ্ঠানৰ কাষতে বাজি উঠিল "সকলোৰে আনন্দ সৰ্বানন্দ"