অসম

assam

By

Published : May 10, 2021, 10:41 AM IST

ETV Bharat / state

কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয় ৷ বাড়ি পাথাৰকান্দিৰ আশুতোষ বনিক নামৰ লোকজনৰ মৃত্যুৰ পাচতে পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে চিকিৎসালয়ৰ চৌহদ ৷

কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ,10 মে': কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে চিকিৎসালয় চৌহদ ৷ পৰিয়ালৰ অভিযোগ চিকিৎসৰ গাফিলতিৰ বাবে বাড়ি পাথাৰকান্দিৰ আশুতোষ বনিক নামৰ লোকজনে মৃত্যু মুখত পৰিবলগীয়া হয় ৷ ৰাতিপুৱা লৈ কথা পাতি থকা ৰোগী জনে হঠাৎ মৃত্যু মুখত পৰাত চিকিৎসালয় খনৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধাৰ লগতে ৰোগী সকলক উপযুক্ত খাদ্য প্ৰদান নকৰাৰ অভিযোগ আনিছে মৃত ৰোগীজনৰ পৰিয়ালৰ লোকে ৷ ৰোগীজনৰ মৃত্যুৰ কাৰণ নজনোৱাত ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোকসকলক ৷ লগে লগে চিকিৎসক আৰু পৰিয়ালৰ লোকৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ বাক-বিতণ্ডাই পৰৱৰ্তি সময়ত উত্তপ্ত পৰিস্থিৰ ৰূপ লয় ৷ অৱশেষত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

লগতে পঢ়ক:বিলাসীপাৰাত জলাশয়ত উদ্ধাৰ দুই কিশোৰী ছাত্ৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details