অসম

assam

ETV Bharat / state

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ

কৰিমগঞ্জৰ কোনা বাগাৰগুল গাঁৱৰ জিয়া নমোশুদ্ৰ (11) আৰু ছালেপুৰ গাঁৱৰ জায়েদা বেগম (9) নামৰ দৰিদ্ৰ পৰিয়ালৰ শিশু দুগৰাকীয়ে জন্মৰে পৰাই হৃদযন্ত্ৰ সমস্যা ভুগি আহিছিল । RBSK আঁচনিৰ কৰ্মী আৰু নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত চৰকাৰী আঁচনিৰ জৰিয়তে কৰিমগঞ্জৰ দুগৰাকী কণমানি শিশুয়ে লাভ কৰিলে পুনৰ জীৱন ৷

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ

By

Published : Sep 4, 2019, 7:52 PM IST

কৰিমগঞ্জ, 4 চেপ্তেম্বৰঃ চৰকাৰী আঁচনিৰ জৰিয়তে কৰিমগঞ্জৰ দুগৰাকী কণমানি শিশুয়ে লাভ কৰিলে পুনৰ জীৱন । বিনামূলীয়া কেইবালাখ টকা মূল্যৰ ব্যয়বহুল চাৰ্জাৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰি বৰ্তমানে সুখী কণমানি দুজনীৰ পৰিয়ালৰ লোকসকল । RBSK আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়াইছে শিশু দুগৰাকীৰ চিকিৎসাৰ ব্যয়ভাৰ ।

চৰকাৰী আচঁনিৰে জীৱন লাভ দুগৰাকী কণমানিৰ

কৰিমগঞ্জৰ কোনা বাগাৰগুল গাঁৱৰ জিয়া নমশুদ্ৰ (11) আৰু ছালেপুৰ গাঁৱৰ জায়েদা বেগম (9) নামৰ দৰিদ্ৰ পৰিয়ালৰ শিশু দুগৰাকীয়ে জন্মৰে পৰাই হৃদযন্ত্ৰৰ সমস্যা ভুগি আছিল । অৱশেষত RBSK আঁচনিৰ কৰ্মী আৰু নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত চিকিৎসা সেৱা লাভ কৰে ৷ প্ৰথমতে শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু তাৰ পাচত মহানগৰীৰ নাৰায়না হাস্পতালত দুয়োগৰাকী কণমানিৰ বিনামূলীয়া সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। বৰ্তমান দুয়োটি শিশু সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে ৷

ABOUT THE AUTHOR

...view details