কৰিমগঞ্জ, 17 মে' :কৰিমগঞ্জ জিলাত উপস্থিত হৈ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি খঙত অগ্নিশৰ্মা হৈ পৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । স্বাস্থ্য বিভাগৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পাচত স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত সোমবাৰে উপস্থিত হয় কৰিমগঞ্জত । জিলাখনত উপস্থিত হোৱাৰ পাচত প্ৰথমতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ অৱস্থাৰ বুজ ল’বলৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় নতুনকৈ দায়িত্বভাৰ লোৱা স্বাস্থ্যমন্ত্ৰীগৰাকী । চিকিৎসালয়ৰ অপৰিস্কাৰ পৰিৱেশ প্ৰত্যক্ষ কৰি খং উঠে স্বাস্থ্যমন্ত্ৰীৰ ।
স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰীক এই পৰিৱেশৰ কাৰণ জানিব বিচৰাত উত্তৰ দিব নোৱাৰিলে যুটীয়া সঞ্চালকগৰাকীয়ে । অৱশেষত যুটীয়া সঞ্চালক অনুপ দৈত্যাৰীক এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আগন্তুক দিনত চিকিৎসালয়ত পৰিৱেশ চাফ চিকুণকৈ ৰাখিব নোৱাৰিলে যুটীয়া সঞ্চালকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব সকীয়নি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাচত জিলা উপায়ুক্তৰ লগতে চৰকাৰী বিষয়াৰ লগতে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত আলোচনাত মিলিত হয় ৷