কৰিমগঞ্জ,3 মাৰ্চঃআজিৰ পৰা ৬মাহ পূৰ্বে পৰিচালকৰ প্ৰতাৰণাৰ বলি হৈছিল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ হাতীখিৰা চাহ বাগিচা ৷ দূৰ্গাপূজাৰ বনাচ দিব নোৱাৰি ৰাতিৰ অন্ধকাৰত লকআউট ঘোষণা কৰি পলায়ন কৰিছিল কলিকতাৰ মালিক গোষ্ঠীয়ে ৷ আৰু তাৰ পিছৰ পৰাই অনাহাৰে দিন কটাইছে বাগিচাখনৰ বহু শ্ৰমিকে ৷ চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহু শ্ৰমিকৰ ৷ বাগিচাখন মুকলি কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে ৷ সময়ে সময়ে ব্যক্তিগতভাৱে বাগিচাৰ কৰ্মচাৰীসকলক সাহায্যও প্ৰদান কৰি আহিছে বিধায়কগৰাকীয়ে ৷
হাতীখিৰা চাহ বাগিচাৰ লকআউট প্ৰত্যাহাৰৰ নিৰ্দেশ ৰাজ্যপালৰ - হাতীখিৰা চাহ বাগিচা
দূৰ্গাপূজাৰ বনাচ দিব নোৱাৰি ৰাতিৰ অন্ধকাৰত লকআউট ঘোষণা কৰি পলায়ন কৰিছিল হাতীখিৰা চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে ৷ আৰু তাৰ পিছৰ পৰাই অনাহাৰে দিন কটাইছে বাগিচাখনৰ বহু শ্ৰমিকে ৷ চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহু শ্ৰমিকৰ ৷

হাতীখিৰা চাহ বাগিচাৰ লকআউট প্ৰত্যাহাৰৰ নিৰ্দেশ ৰাজ্যপালৰ
হাতীখিৰা চাহ বাগিচাৰ লকআউট প্ৰত্যাহাৰৰ নিৰ্দেশ ৰাজ্যপালৰ
উল্লেখ্য যে, ১৯৫৬ লেবাৰ প্লেনটেছন এক্ট অনুসৰি ৰাজ্যপাল জগদীশ মুখীয়ে এই লকআউট প্ৰত্যাহাৰ কৰাৰ বাবে এক পত্ৰযোগে লেবাৰ কমিচনক নিৰ্দেশ দিছে ৷ ইয়াৰ পিছতেই মঙলবাৰে কৰিমগঞ্জ শ্ৰম অধিকাৰীক,স্থানীয় বিজেপি নেতৃত্ব,বাগিচাৰ পঞ্চায়ত আৰু শ্ৰমিক সকলক লৈ এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ৷