অসম

assam

ETV Bharat / state

কৰিমগঞ্জত হেলিপেডৰ নিৰ্মাণকাৰ্য স্থগিত - কৰিমগঞ্জ

কৰিমগঞ্জত ৪০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিচতো বন্ধ হ'ল হেলিপেড নিৰ্মাণৰ কাম । দক্ষিণ কৰিমগঞ্জৰ বিধায়কৰ চূড়ান্ত ব্যার্থতাৰ ফলতে নিৰ্মাণকাৰ্য স্থগিত হোৱাৰ অভিযোগ উত্থাপন কৰিলে বিজেপি নেতা অভিজিৎ ৰায়ে।

কৰিমগঞ্জত হেলিপেডৰ নিৰ্মাণকাৰ্য স্থগিত
কৰিমগঞ্জত হেলিপেডৰ নিৰ্মাণকাৰ্য স্থগিত

By

Published : Sep 29, 2020, 12:20 PM IST

কৰিমগঞ্জ, ২৯ছেপ্টেম্বৰ : ৰহস্যজনকভাৱে কৰিমগঞ্জত স্থগিত হ'ল হেলিপেড নিৰ্মাণৰ কাম । হেলিপেড নিৰ্মাণৰ ৪০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিচতো নিৰ্মাণকাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । সমগ্ৰ ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা অভিজিৎ ৰায়ে। দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান চুড়ান্ত ব্যার্থতাৰ ফলতে হেলিপেড নিৰ্মাণৰ কাম আধৰুৱা হৈ ৰ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে বিজেপি নেতাজনে । আনহাতে ৪০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছতো হঠাতে নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়া ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

২০১৮ চনত কেইবাখনো হেলিকপ্টাৰে একেলগে যাত্ৰা কৰিব পৰা ব্যৱস্থাসম্পন্ন হেলিপেড নিৰ্মাণৰ বাবে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুপ্ৰাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম অঞ্চলত ৰাজ্য চৰকাৰে মাটি বিচাৰিছিল। চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৪ বিঘা কৃষিভূমি দান কৰে স্থানীয় ৰাইজে । একে বৰ্ষৰ ৪ নৱেম্বৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত আধাৰশিলাও স্থাপন কৰা হৈছিল । কিন্তু ৰহস্যজনকভাৱে সোমবাৰে নিশা নিৰ্মাণস্থলীত উপস্থিত হৈ কৰিমগঞ্জৰ জিলাধিপতি নিৰ্মাণকাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :নাথ ছাৰক থানা এৰি যাবলৈ নিদিয়ে ৰাইজে



ABOUT THE AUTHOR

...view details