অসম

assam

By

Published : Dec 9, 2019, 2:10 AM IST

Updated : Dec 9, 2019, 7:25 AM IST

ETV Bharat / state

গুৱাহাটী,বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷ গুৱাহাটী আৰু বদৰপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷

Guwahati, Badarpur seized drugs
গুৱাহাটী, বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

গুৱাহাটী,কৰিমগঞ্জ, 8 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া সুলভ মাৰাত্মক ড্ৰাগছ ৷ গুৱাহাটী মহানগৰীত দিনক-দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱহাৰ ৷ দেওবাৰে মহানগৰীৰ বৰাগাঁৱত মঙলদৈ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি এছ.আই দানটেজিৎ দেউৰীৰ নেতৃত্বত মঙলদৈ আৰক্ষীৰ এটা দলে গড়চুক আৰক্ষীৰ সহযোগত এক অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ সৈতে যোগেশ কলিতা আৰু চাহজাহান আলী নামৰ দুই ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে ৷

বদৰপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আনহাতে কৰিমগঞ্জৰ বদৰপুৰৰ মলুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে নিশা আমছুৰ সহযোগত চলোৱা এক অভিযানত প্ৰায় তিনি লাখ টকাৰ ড্ৰাগছসহ মাধৱ দাস নামৰ সৰবৰাহকাৰী এজনক আটক কৰে বদৰপুৰ আৰক্ষীয়ে ৷

গুৱাহাটীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আৰু পঢ়কঃধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

Last Updated : Dec 9, 2019, 7:25 AM IST

ABOUT THE AUTHOR

...view details