বিজেপিৰ দলীয় সভালৈ পৰিণত চৰকাৰী সভা - চৰকাৰী
কৰিমগঞ্জত বিভাগীয় বিষয়াৰ সৈতে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰীৰ সভা বিজেপিৰ দলীয় সভালৈ পৰিণত ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এই অভিযোগ ৷ মুখ্যমন্ত্ৰীৰ জয়গান গাই সভাখন নিজৰ দখলত লৈ যায় বিজেপিৰ নেতা-কৰ্মীয়ে

কৰিমগঞ্জ,19 জুলাই : চৰকাৰী সভা পৰিণত হ’ল বিজেপিৰ দলীয় সভালৈ ৷ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে অনুষ্ঠিত কৰা সভাখন বিজেপিৰ কৰ্মীসভালৈ ৰূপান্তৰিত হ’ল। এই অভিযোগ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ। চৰকাৰী সভাখনত জিলা সভাপতিৰ পৰা আৰম্ভ কৰি,সাধাৰণ সম্পাদক, মণ্ডল সম্পাদক সহ কেইবাজনো বিজেপি কৰ্মী উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ জয়গান গাই সভাখন নিজৰ দখলত লৈ যায় বুলি উল্লেখ কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে। এনে সভা জিলা উপায়ুক্তৰ কনফাৰেন্স হলৰ সলনি বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰিলে ভাল আছিল বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। ইফালে, এন আৰ চি প্ৰক্ৰিয়াত বিজেপি চৰকাৰে মইমতালী কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷