অসম

assam

ETV Bharat / state

প্ৰথমে প্ৰৱক্তাৰ বিৰুদ্ধে শ্লীলতাহানি অভিযোগ তাৰ পাচত ছাত্ৰীৰ সুৰ-সলনি ! - কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ

এগৰাকী কলা শাখাৰ ছাত্ৰীক এগৰাকী বিজ্ঞান শাখাৰ প্ৰৱক্তাই শ্ৰেণী কোঠাৰ ভিতৰত কেনেকৈ যৌন আতিশায্য চলাব সেইয়া চিন্তনীয় বুলি মন্তব্য কৰে সচেতন মহলে

কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ

By

Published : Nov 24, 2019, 9:00 PM IST

কৰিমগঞ্জ, 24 নৱেম্বৰঃ কৰিমগঞ্জ কলেজৰ ছাত্ৰী শ্লীলতাহানিৰ ঘটনাৰ নতুন মোৰ ৷ 24 ঘণ্টাৰ ভিতৰত সুৰ সলালে শ্লীলতাহানিৰ অভিযোগ অনা ছাত্ৰীয়ে ৷ থানাৰ লক-আপত বন্দী হৈ থকা প্ৰৱক্তাৰ সৈতে আলোচনা মৰ্মে ঘটনাৰ নিষ্পত্তিৰ দাবী কৰি আদালতত লিখিভাৱে আৱেদন জনাই ছাত্ৰী গৰাকীয়ে ৷

কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ


উল্লেখ্য যে, 22 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে কৰিমগঞ্জ কলেজৰ ঘটনাক লৈ সমগ্ৰ বৰাক উপত্যকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ কৰিমগঞ্জ মহাবিদ্যালয় এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালখনৰ প্ৰবক্তা পাৰ্থ সাৰথি দাসৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ উত্থাপন কৰে ৷ ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিতে অভিযুক্ত প্ৰৱক্তা পাৰ্থ সাৰথি দাসক আটক কৰে আৰক্ষীয়ে ৷ দেওবাৰে প্ৰৱক্তা গৰাকীক আদালতত হাজিৰ কৰা হয় যদিও ছাত্ৰী গৰাকীয়ে আদালতত লিখিতভাবে অভিযুক্তৰ সৈতে বুজাবুজি হৈছে বুলি জানিবলৈ দিয়ে ৷ আৰু ছাত্ৰী গৰাকীৰ প্ৰবক্তাৰ বুজাবুজিৰ ভিত্তিতে জামিন মঞ্জুৰ কৰে আদালতে ৷

আনহাতে, ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাক ভেলীত ৷ দুদিন পূৰ্বে ছাত্ৰী গৰকীৰ শ্লীলতাহানি কৰা বুলি অভিযোগ কৰা ছাত্ৰী গৰকীয়ে কিহৰ ভিত্তিত প্ৰৱক্তা গৰাকীৰ সৈতে মীমাংসা হ'ল সেয়া প্ৰশ্ন উত্থাপন কৰিছে একাংশই ৷ তাৰোপৰি এগৰাকী কলা শাখাৰ ছাত্ৰীক এগৰাকী বিজ্ঞান শাখাৰ প্ৰৱক্তাই শ্ৰেণী কোঠাৰ ভিতৰত কেনেকৈ যৌন আতিশায্য চলাব সেইয়া চিন্তনীয় বুলি মন্তব্য কৰে সচেতন মহলে ৷

ABOUT THE AUTHOR

...view details