অসম

assam

ETV Bharat / state

বিজেপিত যোগদান কৰি ভাল মানুহ হ'ল গৌতম ৰয়! - গৌৰত ৰয়

কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত আছে বহু পাৰ্থক্য ৷ বিজেপিৰ আদৰ্শ আছে, সাংগঠনিক বিভাগ আছে, ইয়াতে কাম শিকিব পাৰি

বিজেপিত যোগদান কৰি ভাল মানুহ হ'ল গৌৰত ৰয়!

By

Published : Aug 17, 2019, 11:02 PM IST

Updated : Aug 17, 2019, 11:13 PM IST

কৰিমগঞ্জ, 17 আগষ্টঃ "কংগ্ৰেছৰ সংস্কৃতি আৰু বিজেপিৰ সংস্কৃতিৰ মাজত আছে বহু পাৰ্থক্য ৷ বিজেপিৰ আদৰ্শ আছে, সাংগঠনিক বিভাগ আছে, ইয়াতে কাম শিকিব পাৰি । কিন্তু কংগ্ৰেছৰ সংস্কৃতি অতি বেয়া ।" এই মন্তব্য ন-বিজেপি গৌতম ৰয়ৰ ৷ লগতে কয়, বিজেপিত আগতে যোগদান কৰিলে ভাল মানুহ হ'লহেতেন ৷ যোগদানৰ পাচতে ৰাজ্যিক বিজেপিয়ে শিকাইছে বহুতো কালচাৰ ৷ এতিয়া সকলো ঠিক কৰিব লাগিব । এতিয়া আৰু নগদ ধন বিলাব নালাগে ৷" শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদানৰ পাচত হাইলাকান্দি কাছাৰত নিজকে নতুনকৈ পৰিচয় দি কৰিমগঞ্জত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে ন-বিজেপি নেতা গৰাকীয়ে ৷ লগতে নেতা গৰাকীক আদৰিবলৈ কৰিমগঞ্জত ভালেসংখ্যক সমৰ্থকে বাহিৰ কৰে বাইক ৰেলি ৷

Last Updated : Aug 17, 2019, 11:13 PM IST

ABOUT THE AUTHOR

...view details