কৰিমগঞ্জ,15 ফেব্ৰুৱাৰীঃদেওবাৰে সন্ধিয়া কৰিমগঞ্জৰ চূড়াইবাৰীত আৰক্ষীৰ অভিযানত নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী । AS-01-LC-8919 নম্বৰৰ এখন যাত্ৰীবাহী বাহনত অভিযান চলাই উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷
আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা গাঞ্জা আছিল প্ৰায় 15 কেজি ৷ তিনিটা বেগৰ ভিতৰৰ আছিল অতি গোপনে অনা হৈছিল গাঞ্জাখিনি ৷ ত্ৰিপুৰা, আগৰতলাৰ পৰা গুৱাহাটী হৈ বিহাৰলৈ যোৱাৰ লৈ যোৱাৰ কথা আছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷
নৈশ বাছত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী কৰিমগঞ্জৰ চূড়াইবাৰীত আৰক্ষীয়ে চলোৱা এই অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ চকুত ধূলি দি গাঞ্জা সৰবৰাহকাৰী জন পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী জন তৰুণ নৱসূত্ৰ বুলি চিনাক্ত কৰিছে ৷
ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ অতি শীঘ্ৰেই গাঞ্জা সৰবৰাহকাৰী তৰুণ নৱসূত্ৰ আৰক্ষীৰ জালত পৰিব বুলি মন্তব্য কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে ৷
লগতে পঢ়কঃমাৰ্ঘেৰিটাত জব্দ কয়লা ভৰ্তি বাহন