অসম

assam

ETV Bharat / state

যেন হিন্দী চিনেমা, এম্বুলেন্সেৰে সৰবৰাহ নিচাজাতীয় সামগ্ৰী

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে নতুন পন্থা অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ৷ অসম - ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেঞ্চৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷

এম্বুলেন্সেৰে সৰবৰাহ নিচাজাতীয় সামগ্ৰী

By

Published : Aug 31, 2019, 10:59 PM IST

কৰিমগঞ্জ, 31 আগষ্ট : নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে নতুন পন্থা অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ৷ অসম - ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেঞ্চৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা অসমলৈ অনাৰ উদ্দেশ্যে TR O5 2991 নম্বৰৰ পঞ্জীয়ন থকা ৰোগী নথকা এম্বুলেঞ্চৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় 197 কিলোগ্ৰাম গাঞ্জা । জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ন লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি ৷ কিন্তু এই অভিযানৰ সময়তে পলাই যাবলৈ সক্ষম হয় চালকজন ৷ আনহাতে বৃহৎ পৰিমাণৰ এই গাঞ্জাখিনি অসমৰ কোন ঠাইলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছিল সেই তথ্য পোহৰলৈ অহা নাই ।

এম্বুলেন্সেৰে সৰবৰাহ নিচাজাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details