অসম

assam

By

Published : Feb 21, 2021, 3:29 PM IST

ETV Bharat / state

কৰিমগঞ্জত আধাৰশিলাৰ ৰাজনীতি

'অসম দৰ্শন' আঁচনিৰ অধীনত কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ টাউন কালিবাৰীসহ কেইবাটাও মন্দিৰৰ জিৰণী কোঠাৰ আধাৰশিলা স্থাপন সাংসদ কৃপানাথ মালাহৰ । এদিনতে ৫-৬ টাকৈ আধাৰশিলা স্থাপন ।

কৰিমগঞ্জ
কৰিমগঞ্জ

কৰিমগঞ্জ, ২১ ফেব্ৰুৱাৰী: ২১ ৰ বিধানসভা নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যৰ চৌদিশে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদান, কা বিৰোধী তীব্ৰ প্ৰতিবাদ আদি অব্যাহত থকাৰ মাজতে নিৰ্বাচনৰ পূৰ্বে উন্নয়নমূলক কামৰ শুভাৰম্ভণি বিজেপি সাংসদৰ । ন ন আঁচনিৰ ৰাজনীতিৰ সমান্তৰালকৈ এইবাৰ আধাৰশিলাৰ ৰাজনীতি চলাইছে শাসকীয় দল বিজেপিয়ে ।কৰিমগঞ্জত দেখা গ'ল বিজেপিৰ আধাৰশিলাৰ ৰাজনীতি ।

দেওবাৰে 'অসম দৰ্শন' আঁচনিৰ অধীনত জিলাখনৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ টাউন কালিবাৰীসহ কেইবাটাও মন্দিৰৰ জিৰণী কোঠাৰ আধাৰশিলা স্থাপন কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালাহে । এদিনতে ৫-৬ টাকৈ আধাৰশিলা স্থাপন কৰে সাংসদ কৃপানাথ মালাহে ।

কৰিমগঞ্জত আধাৰশিলাৰ ৰাজনীতি

ইয়াৰোপৰি, সাংসদগৰাকীয়ে কৰিমগঞ্জ চহৰৰ মাজমজিয়াত উপায়ুক্ত বাসভৱন এলেকাত থকা টেনিছ কোৰ্টৰো উদ্বোধন কৰি আঁচনিখনৰ বিস্তৃত বিৱৰণ দাঙি ধৰে ৰাইজৰ মাজত । এই কার্যসূচীত উপস্থিত থাকে উপায়ুক্ত আনবামুথান, সাংসদসহ জিলা বিজেপিৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক:ধুবুৰীত বিজেপিৰ বিশাল পদযাত্ৰা

ABOUT THE AUTHOR

...view details