কৰিমগঞ্জৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচার্যৰ দেহাৱসান - covid 19 positive infected
কৰিমগঞ্জৰ বিশিষ্ট সমাজকৰ্মী তথা জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচার্যিৰ দেহাৱসান ৷ আজি পুৱা প্ৰায় ৭ বজাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মীয়ে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 72 বছৰ ।
![কৰিমগঞ্জৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচার্যৰ দেহাৱসান former district president of bjp death at karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8818291-609-8818291-1600233612306.jpg)
কৰিমগঞ্জৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ৰতিন্দ্র ভট্টাচার্যৰ দেহাৱসান
দীর্ঘ দিন ধৰি কর্কট ৰোগত আক্ৰান্ত হৈ থকা প্রাক্তন বিজেপি সভাপতিগৰাকী কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল কোভিড ১৯ ত ৷ আক্রান্ত হোৱাৰ পাছতে এইগৰাকী বৰ্ষিয়ান নেতা তথা সমাজকৰ্মীক ভৰ্তি কৰোৱা হৈছিল শিলচৰ চিকিৎসা মহাবিদ্যালয়ত । যোৱা দেওবাৰে ক’ভিড-19ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মীয়ে ৷