অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ চকু

কৰিমগঞ্জ জিলাৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷ জিনাখনৰ চেৰাগী, দোহালীয়া, পাথাৰীয়া, লংগাই আদি সংৰক্ষিত বনাঞ্চলসমূহ প্ৰভাৱশালী ৰাজনৈতিক নেতাই বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন ৷ চকু মুদা কুলিৰ ৰূপত জিলাখনৰ বন বিভাগ ৷

By

Published : May 26, 2021, 6:15 PM IST

কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ চকু
কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ চকু

কৰিমগঞ্জ, 26 মে': কৰিমগঞ্জ জিলাৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বন ধ্বংস যজ্ঞ । বন মাফিয়াৰ তাণ্ডৱৰ চিকাৰ হৈছে জিলাখনৰ সংৰক্ষিত বনাঞ্চলসমুহ । উদাহৰণ স্বৰূপে চেৰাগী, দোহালীয়া, পাথাৰীয়া, লংগাই আদি সংৰক্ষিত বনাঞ্চলসমূহ প্ৰভাৱশালী ৰাজনৈতিক নেতাই বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

সমান্তৰালকৈ বন মাফিয়াই চকু দিছে জিলাখনৰ বিভিন্ন বনাঞ্চলৰ মূল্যৱান গছ গছনিৰ প্ৰতি । এফালে বিশ্ব পৰিৱেশ দিৱসৰ দিনা বন বিভাগে কোটি কোটি টকা খৰচ কৰি বৃক্ষ ৰোপন কাৰ্যসূচী হাতত লয় ৷ আনফালে অভিযোগ অনুসৰি একে বিভাগৰ একাংশৰ মিতিৰালিৰে ৰাজ্যজুৰি চলিছে বনাঞ্চলত ধ্বংস যজ্ঞ । যাৰ ফলত সীমিত হৈ আহিছে সংৰক্ষিত বনাঞ্চলৰ পৰিসৰ ৷

কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ চকু

ইয়াৰ ফলত বনাঞ্চলত বসবাস কৰা প্ৰাণীকুলৰ সমান্তৰালকৈ ক্ষতিৰ সম্মুখীন হৈছে মানৱ জাতি । বাধ্য হৈ খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত আহিব লগীয়া হৈছে বন্য জীৱ জন্তু । উদাহৰণ স্বৰূপে চেৰাগী আৰু লোৱাইৰপোৱা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ছাগলমোৱাবন্দ, চন্দ্ৰপুৰ, বাদশাহীটিলা, ৰাঙামাটি, মেদলী, পিংছৰা, সোনাতুলা, লক্ষীপুৰ, মধুৰবন্দ, ভুতুৰগেনাই, কাশীনাথপুৰ আদি এলেকাত বনাঞ্চলৰ পৰা বন মাফিয়াই নিতৌ কাটি নিছে বহু মূল্যবান গছ ।

কেৱল মূল্যবান গছ গছনি কাটি তহিলং কৰি ক্ষান্ত হোৱা নাই বন মাফিয়া সকল, সমান্তৰালকৈ পাহাৰৰ ৰঙা মাটি এফালৰ পৰা কাটি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰা হৈছে । সকলো দেখিও যেন ৰহস্যজনকভাৱে চকু মুদা কুলিৰ ভুমিকাত আছে কৰিমগঞ্জ জিলাৰ বন বিভাগ ৷

লগতে পঢ়ক :ৰূপহীহাটত কুখ্যাত ডকাইতৰ ঘৰৰ পাৰ জব্দ পিস্তল

ABOUT THE AUTHOR

...view details