অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বনাঞ্চল উচ্ছেদক লৈ শাসক বিৰোধীৰ বিৰ্তক - মহাঁজোট

বিশ্ব পৰিৱেশ দিৱসৰ দিনা কৰিমগজ্ঞত দেখা গ’ল দুটা পৃথক দৃশ্য, কৰিমগঞ্জ বিজেপিয়ে বনাঞ্চল ৰক্ষাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালনৰ বিপৰীতে মহাঁজোটৰ এজাক নেতা গৈ উপস্থিত হয় পাথাৰকান্দি সমষ্টিৰ ছলামনা এলেকাত । য’ত কিছু দিন পূৰ্বে বন বিভাগৰ মাটি বেদখল কৰি একাংশ লোকে নিৰ্মাণ কৰা বাসগৃহত অভিযান চলাই কেবাটাও বাসগৃহ ভাঙি দিছিল কৰিমগঞ্জৰ বন বিভাগে । সেই স্থানতে মহাঁজোটৰ এটা দল উপস্থিত হৈ ক’ভিড প্ৰট’কল অমান্য কৰি সভা-সমিতিৰ আয়োজন কৰে ৷

FOREST EVICTION VS POLITICS
কৰিমগঞ্জত বনাঞ্চল উচ্ছেদক লৈ শাসক বিৰোধীৰ বিৰ্তক

By

Published : Jun 6, 2021, 10:59 PM IST

কৰিমগঞ্জ, 6 জুন : অবৈধ দখলদাৰীৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাচতে নিদ্ৰা হৰণ হৈছে কৰিমগঞ্জৰ বন বিভাগৰ । উল্লেখযোগ্য যে, প্ৰতিদিনে বিভাগটোৱে চলাই গৈছে উচ্ছেদ অভিযান, বন বিভাগে চলোৱা উচ্ছেদৰ পাচতে কৰিমগঞ্জত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ । বিশ্ব পৰিৱেশ দিৱসৰ দিনা কৰিমগঞ্জত দেখা গ’ল দুটা পৃথক দৃশ্য, কৰিমগঞ্জ বিজেপিয়ে বনাঞ্চল ৰক্ষাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালনৰ বিপৰীতে মহাঁজোটৰ এজাক নেতা গৈ উপস্থিত হয় পাথাৰকান্দি সমষ্টিৰ ছলামনা এলেকাত । য’ত কিছু দিন পূৰ্বে বন বিভাগৰ মাটি বেদখল কৰি একাংশ লোকে নিৰ্মাণ কৰা বাসগৃহত অভিযান চলাই কেবাটাও বাসগৃহ ভাঙি দিছিল কৰিমগঞ্জ বন বিভাগে । সেই স্থানতে মহাজোঁটৰ এটা দল উপস্থিত হৈ ক’ভিড প্ৰট’কল অমান্য কৰি সভা-সমিতিৰ আয়োজন কৰে ৷ ঘটনাস্থলিত উপস্থিত হৈ কংগ্ৰেছৰ মহাঁজোটৰ দলটোৱে বন বিভাগে চলোৱা উচ্ছেদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে ৷

কৰিমগঞ্জত বনাঞ্চল উচ্ছেদক লৈ শাসক বিৰোধীৰ বিৰ্তক

এতিয়া প্ৰশ্ন হয় বন বিভাগে সঠিক তথ্য অবিহনে চলাইছিল নেকি উচ্ছেদ অভিযান ৷ যদি বন বিভাগৰ মাটি বেদখল হৈছিল তেন্তে ক’ৰ পৰা আহিল বেদখলকাৰী ৷ সম্প্ৰতি এই উচ্ছেদকাণ্ডক লৈ শাসক আৰু বিৰোধীৰ মাজত সৃষ্টি হৈছে বাকযুদ্ধৰ ৷ শাসকীয় দলৰ হৈ সমষ্টিৰ বিধায়ক কৃষেন্দু পালৰ মতে, মাত্ৰ পাঁচ বছৰৰ ভিতৰত বন বিভাগৰ মাটিত গঢ় লৈ উঠিছিল জনবসতি । আনহাতে মহাঁজোটৰ নেতা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে প্ৰশ্ন উত্থাপন কৰি কয় যে, উচ্ছেদ কৰা স্থানত পূৰ্বতে বিভিন্ন চৰকাৰী প্ৰকল্প প্ৰদান কৰা হৈছে, সেয়ে বেদখল কৰা মাটি হেনো সংৰক্ষিত বনাঞ্চলৰ নহয় ।

উল্লেখযোগ্য যে, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদৰ বিৰুদ্ধে পূৰ্বতেও বন বিভাগৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল । আনকি অপৰাধ নিৰ্মূল বিভাগে ইয়াৰ বিৰুদ্ধে অভিযান পৰ্যন্ত চলাইছিল । মুঠতে সংবাদ মাধ্যমে আঙুলিয়াই দিয়া বন বিভাগৰ বিসংগতিৰ পাচতে বিভাগটোৱে এক্সন ম’ডত কাম কৰিছিল যদিও সম্প্ৰতি ৰাজনৈতিৰ মেৰপেচত পৰি বন্ধ হোৱাৰ উপক্ৰম হৈছে বন বিভাগৰ উচ্ছেদ অভিযান ৷

লগতে পঢ়কঃঅসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !

ABOUT THE AUTHOR

...view details