অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বন বিভাগৰ উচ্ছেদ অভিযান - উচ্ছেদ অভিযান

বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ কৰিমগঞ্জৰ বন বিভাগ । কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগৰ উচ্ছেদ অভিযান । বন বিভাগে উচ্ছেদ কৰিলে অবৈধভাৱে নিৰ্মাণ কৰা ২২টা বাসগৃহ ।

FOREST DEPERTMENT EVICTION DRIVE IN KARIMGANJ
কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগৰ উচ্ছেদ অভিযান

By

Published : Jun 3, 2021, 2:11 PM IST

কৰিমগঞ্জ, ৩ জুন: কৰিমগঞ্জৰ সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰা লোকৰ বিৰুদ্ধে অভিযান বন বিভাগৰ । বৃহস্পতিবাৰে কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগে উচ্ছেদ অভিযান চলায় । জিলা বন বিষয়া জালনুৰ আলীৰ নেতৃত্বত এই অভিযান চলায় বন কৰ্মীৰ দলে ।

কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগৰ উচ্ছেদ অভিযান

অবৈধভাৱে নিৰ্মাণ কৰা ২২টা বাসগৃহ উচ্ছেদ কৰে বন বিভাগে । পকী গৃহও উচ্ছেদ কৰে দলটোৱে । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে বন বিভাগৰ সৈতে অভিযান চলায় । উল্লেখ্য যে, জিলাখনৰ দোহালিয়া, পাথাৰিয়া, লংগাই আদিকে ধৰি বিভিন্ন সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত আছে ।

কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগৰ উচ্ছেদ অভিযান

এফালে, বনাঞ্চলৰ পৰা মূল্যৱান গছ কাটি তহিলং কৰিছে বন মাফিয়াই, আনফালে বনাঞ্চল দখল কৰি আহিছে আন একাংশ লোকে ।

কৰিমগঞ্জৰ বাজাৰঘাট আৰু ছলামনা গাঁৱত বন বিভাগৰ উচ্ছেদ অভিযান

এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে তৎপৰ হৈছে বন বিভাগ । বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বিভাগটোৱে ।

লগতে পঢ়ক:মাজুলীৰ বনগাঁৱত সমৰ কলাৰ প্ৰশিক্ষণৰ আয়োজন

ABOUT THE AUTHOR

...view details