কৰিমগঞ্জ, 28 এপ্ৰিল : অসমত পোন প্ৰথমবাৰৰ বাবে বাজেয়াপ্ত কৰা হ'ল ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পত্তি ৷ কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিলে এমাদ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ বৃহৎ পৰিমাণৰ সম্পত্তি ৷ জব্দকৃত সম্পত্তিৰ পৰিমাণ 10 কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জব্দকৃত সম্পত্তিৰ ভিতৰত আছে মাটি, বিশাল অট্টালিকা, খোৱা পানীৰ ফেক্টৰীসহ ভালেমান মূল্যৱান সামগ্ৰী (Drugs paddler property seized) ৷
উল্লেখ্য যে, যোৱা 10 অক্টোবৰ 2022 তাৰিখে কৰিমগঞ্জ আৰক্ষী আৰু সীমান্তৰক্ষী বাহিনীৰ যৌথ অভিযানত এমাদ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ কৰিছিল প্ৰায় 40 কোটি টকা মূল্যৰ হেৰ’ইন ৷ অসম তথা উত্তৰ-পূব ভাৰতৰ ইতিহাসত এয়া আছিল ড্ৰাগছৰ বিৰুদ্ধে চলোৱা সৰ্ববৃহৎ সফল অভিযান ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা হেৰ’ইনখিনিৰ পৰিমাণ আছিল 9 কেজিৰো অধিক ৷ কৰিমগঞ্জ চহৰৰ নীলগৰ বাইপাচত মিজোৰামৰ পৰা অহা AS11BC-7975 নম্বৰৰ এখন চিমেন্ট ভৰ্তি ট্ৰাকৰ কেবিনৰ ভিতৰত পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি (Drugs seized in Karimganj) ৷