অসম

assam

ETV Bharat / state

মেদল বিলত সমূহীয়া মৎস চিকাৰ

কৰিমগঞ্জৰ মেদল বিলত সমূহীয়া মৎস চিকাৰ ৷ বৃহস্পতিবাৰে উখল-মাখল হৈ পৰে মেদল বিলৰ পাৰ ৷

fishing at Medal bill Badarpur karimganj assam etv bharat news
মেদল বিল

By

Published : Nov 26, 2020, 6:56 PM IST

কৰিমগঞ্জ,26 নৱেম্বৰ:কৰিমগঞ্জৰ বদৰপুৰত বৃহস্পতিবাৰৰ দিনটোত ৰাইজৰ মাজত দেখা গ’ল এক উৎসাহজনক পৰিৱেশ ৷ কুঁৱলীৰ চেঁচা পৰশকো নেওচি পুৱাৰ ভাগত শতাধিক লোক ওলাই আহে মেদল বিল অভিমুখে ৷ উদ্দেশ্য এটাই- মাছ ধৰা ৷ পৰম্পৰা অনুসৰি প্ৰতি বছৰে আঘোণ-পুহ মাহত এই বিলত মাছ ধৰিবলৈ আহে বৰাকৰ ভিন্ন অঞ্চলৰ লোক ৷ কৰিমগঞ্জৰ উপৰিও আন বিভিন্ন অঞ্চলৰ লোকে একমাত্ৰ মাছ ধৰাৰ উদ্দেশ্যে মেদল বিললৈ আহে ৷ লোকসকলৰ আনন্দ-উল্লাসেৰে মুখৰিত হৈ পৰে বিলখনৰ চৌপাশ ৷

সমূহীয়া মৎস চিকাৰ

ABOUT THE AUTHOR

...view details