অসম

assam

ETV Bharat / state

কৰ'ণাত মৃত্যু হোৱা ছামিম আহমেদৰ পৰিয়ালৰ আৰু তিনি জন সদস্য আক্ৰান্ত কৰ'ণাত - কৰ'ণা ভাইৰাছ

কৰিমগঞ্জৰ প্ৰথম কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি গৰাকীৰ পৰিয়ালৰ আন তিনি জন সদস্য নতুনকৈ আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । ইযাৰ উপৰিও কোনো ট্ৰেভেল হিষ্ট্ৰি নথকাকৈ বদৰপুৰ চহৰত কেইবাগৰাকীও লোক কৰ'ণাত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ।

FIRST CORONA PATIENT DEAD IN KARIMGANG
কৰ'ণাত মৃত্যু হোৱা ছামিম আহমেদৰ পৰিয়ালৰ আৰু তিনি জন সদস্যও আক্ৰান্ত কৰ'ণাত

By

Published : Jul 26, 2020, 8:23 AM IST

কৰিমগঞ্জ, 26 জুলাইঃ কৰিমগঞ্জ জিলাৰ বদৰপুৰ যেন কৰ'ণাৰ হটস্পটত পৰিণত হৈছে । কোনো ট্ৰেভেল হিষ্ট্ৰি নথকাকৈ বদৰপুৰ চহৰত কেইবাগৰাকীও লোক কৰ'ণাত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ । কৰিমগঞ্জৰ প্ৰথম কৰ'ণাত মৃত্যু হোৱা ছামিম আহমেদৰ পৰিয়ালৰ আন তিনি জন সদস্য কৰ'ণাত আক্ৰান্ত হৈছে ।একেটা পৰিয়ালৰে আশিফ আহমেদ, আৰমান আহমেদ আৰু জ্যোস্না বেগম নামৰ তিনিগৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছ ।

উল্লেখ্য যে, যোৱা বুধবাৰে কৰিমগঞ্জৰ বদৰপুৰৰ ছামিম আহমেদৰ কৰ'ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত মৃত্যু হৈছিল আৰু তাৰ পাছতে তেওঁৰ পৰিয়ালৰ সকলোৰে স্বাৱ টেষ্ট কৰিছিল স্বাস্থ্য বিভাগে ৷ শনিবাৰে অহা শ্বাব টেষ্টৰ ৰিপৰ্টত আন তিনজনৰ দেহত কৰ'ণা সংক্ৰামণ ধৰা পৰিছে । তেওঁলোকক কৰিমগঞ্জৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । এইপৰ্যন্ত কৰিমগঞ্জ জিলাত মুঠ সাত জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

ABOUT THE AUTHOR

...view details