অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰাৰ পিছতো সময়তে ঘটনাস্থলীত উপস্থিত নহোৱাৰ অভিযোগ । জুইত সকলো জ্বলি ছাঁই হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷

By

Published : Dec 6, 2019, 6:23 PM IST

কৰিমগঞ্জ
কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

কৰিমগঞ্জ, 6 ডিচেম্বৰঃ কৰিমগঞ্জৰ ফাকুয়া গাঁৱত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত প্ৰায় দহটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান । এই ঘটনাত ক্ষয় ক্ষতিৰ পৰিমাণৰ প্ৰায় এক কোটি টকা বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।

কৰিমগঞ্জৰ ফাকুয়াত ভয়াৱহ অগ্নিকাণ্ড

ফাকুৱা গাঁও ৰে'ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ । বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত । আনহাতে, স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰাৰ পিছতো সময়তে ঘটনাস্থলীত উপস্থিত নহোৱাৰ অভিযোগ । জুইত সকলো জ্বলি ছাঁই হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । যাৰ ফলত উত্তেজিত ৰাইজে খণ্ড যুদ্ধত লিপ্ত হয় অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে । ঘটনাস্থলীত পলমকৈ প্ৰথমটো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘঠনাস্থলীত উপস্থিত হোৱাৰ আধাঘন্টা পিছত একে উপস্থিত হয়অগ্নিনিৰ্বাপক বাহিনীৰ আৰু দুখনকৈ বাহন । কিন্তু ইয়াৰ পূৰ্বে দহখনকৈ ব্যবসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

ABOUT THE AUTHOR

...view details