কৰিমগঞ্জ, ১৫ নৱেম্বৰ :মাদ্ৰাছাত জেহাদী শিক্ষা দিয়াৰ অভিযোগ আনি কাছাৰ জিলাৰ সোণাই থানাত গোচৰ ৰুজু কৰিলে এগৰাকী অভিভাৱকে (Jihadi activity in Madrasa) । মাদ্ৰাছাৰ প্ৰধান মৌলানাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে । ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ স্বাধীন বাজাৰ ইছলামিয়া ছিনিয়ৰ মাদ্ৰাছাত ( Accused of teaching jihadi education) ।
যোৱা ৯ মাৰ্চত চাহিন খান নামৰ এজন ছাত্ৰই মাদ্ৰাছাখনত ইছলামিক শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰিছিল । কিন্তু তেওঁৰ পিতৃ চাহাব উদ্দিন খানৰ অভিযোগ, মাদ্ৰাছাখনত নামভৰ্তি কৰাৰ পিছৰে পৰা তেওঁৰ পুত্ৰৰ মানসিক অৱস্থা সলনি হৈছে (Kachar Madrasa accused for Jihadi education) । আনকি স্বাভাৱিকভাৱে চলাচলো কৰিব পৰা নাছিল বুলি অভিযোগ ।
আনহাতে, যোৱা ১৯ অক্টোবৰত মাদ্ৰাছাখনৰ প্ৰধান মৌলানাই উক্ত ছাত্ৰজনক মাৰপিট কৰি এটা ঘৰত বন্দী কৰি ৰাখিছিল বুলিও তেওঁ অভিযোগ কৰে । পিছদিনা তেওঁক মাদ্ৰাছাৰ পৰা আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ইফালে মাদ্ৰাছা কৰ্তৃপক্ষই উক্ত মাৰধৰৰ ঘটনা বিচাৰৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু অভিযোগকাৰীয়ে কোনো ধৰণৰ বিচাৰ নোপোৱাত ঘটনাৰ প্ৰায় ২০ দিন পিছত যোৱা ১১ নৱেম্বৰত সোণাই থানাত গোচৰ ৰুজু কৰে (FIR against Kachar Madrasa for Jihadi education) ।