কৰিমগঞ্জ, 12 ডিচেম্বৰ: দক্ষিণ কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহাতিৰ অভিযোগ । অভিযোগ মতে, প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ বাহনক লক্ষ্য কৰি বিজেপি কর্মীসকলে ফটকা নিক্ষেপেৰে পথত আবদ্ধ কৰি ৰখাৰ চেষ্টা কৰা ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷
কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদ আৰু বিজেপি কৰ্মীসকলৰ মাজত হতাহাতি ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷
কৰিমগঞ্জত উত্তেজনাপূৰ্ণ পৰিস্থিতি
পৰিণতিত প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ আৰু বিজেপি কৰ্মী সকলৰ মাজত আৰম্ভ হয় হতাহাতি ৷ ফলত নিলাম বজাৰ ঘাইপথত এক অগ্নিগৰ্ভ পৰিস্থিতিৰ উদ্ৰেক হয় ৷ উভয় পক্ষৰ মাজত লাঠীৰেও চলে প্ৰহাৰ ৷ পৰৱৰ্তী সময়ত নিলাম বজাৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷
লগতে পঢ়ক: কেবৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ