অসম

assam

By

Published : Mar 6, 2021, 6:01 PM IST

ETV Bharat / state

মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন !

নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিখন জিলাৰ প্ৰশাসন ৷ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কৰিমগঞ্জ জিলা প্ৰশাসন ৷

karimganj-district-administration-ready-for-the-election
মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন

কৰিমগঞ্জ,6 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালি তৎপৰ হোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিখন জিলাৰ প্ৰশাসনিক ব্যৱস্থা ৷ ৰাজ্যৰ আনসমুহ জিলাৰ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কৰিমগঞ্জ জিলা প্ৰশাসন ৷ শনিবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্তই এখন সংবাদমেল যোগে সদৰী কৰিছে এই কথা ৷ বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, এইবাৰ কৰিমগঞ্জ জিলাত 150 টা মডেল ভোট কেন্দ্ৰ থাকিব ৷ এই ভোট কেন্দ্ৰ সমূহ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৷ প্ৰিচাইডিং, পোলিং সকলো বিষয়া মহিলা হ’ব ৷ লগতে ভোট কেন্দ্ৰ সমূহত সম্পূৰ্ণ কোভিড প্ৰট'কল মানি ভোটগ্ৰহণ কৰা হ'ব বুলি জনাইছে বিষয়া গাৰকীয়ে ৷

মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন

উল্লেখ্য যে, কোভিডৰ বাবে কৰিমগঞ্জত অতিৰিক্ত 242 টা ভোট কেন্দ্ৰ গঢ়ি তোলা হৈছে ৷ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ বাহিৰত থকা লাফাচাইল, গোবিন্দগঞ্জৰ ভোটাৰে ভোট দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনালে জিলা উপায়ুক্ত ৷ আনহাতে ভোটগ্ৰহণৰ দিনা সীমান্ত ৰক্ষী বাহিনীক কাঁইটায়া তাঁৰৰ বেৰ খুলি দিয়াৰ বাবে নিৰ্দেশ দিছে জিলা প্ৰশাসনে ৷ জিলাখনৰ পাঁচটা বিধানসভাৰ সমষ্টিত প্ৰায় 9 লাখ দহ হেজাৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷

লগতে পঢ়কঃপ্ৰাসংগিক প্ৰেক্ষাপটঃ আজিৰ অতিথি জয়শ্ৰী গোস্বামী মহন্ত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details