অসম

assam

ETV Bharat / state

কন্যাৰ হত্যাকাৰীৰ ফাঁচীৰ আবেদন এশ দহ বছৰীয়া পিতৃৰ - বদৰপুৰ

অসমৰ বদৰপুৰৰ জিয়ৰী আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ বোৱাৰী অমিতা নাথ হত্যাকাণ্ডৰ 48ঘণ্টা ৷ অভিযুক্তসকলক ফাঁচীৰ বাবে ই টিভি ভাৰতৰৰ সাংবাদিকৰ আগত অমিতা নাথৰ এশ দহ বছৰীয়া পিতৃৰ হূদয় বিদাৰক আবেদন ৷

কন্যাৰ হত্যাকাৰীৰ ফাঁচিৰ আবেদন এশ দহ বছৰীয়া পিতৃৰ

By

Published : Aug 23, 2019, 3:48 PM IST

বদৰপুৰ,23 আগষ্টঃ অসমৰ বদৰপুৰৰ জীয়ৰী আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ বোৱাৰী অমিতা নাথৰ হত্যাকাণ্ডই পাৰ কৰিলে 48ঘণ্টা ৷ বুধবাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰত সংঘটিত হোৱা অসমৰ বদৰপুৰ জীয়ৰী অমিতা নাথৰ হত্যাকাণ্ডই পাৰ কৰিলে 48ঘণ্টা ৷ হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক ফাঁচী দিয়াৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু ত্ৰিপুৰা পুলিচ প্ৰশাসনৰ আগত কৰুণ আবেদন অমিতা নাথৰ এশ দহ বছৰীয়া পিতৃৰ ।

আজি ই টিভি ভাৰতৰৰ সাংবাদিকৰ আগত কান্দি কান্দি দুৰ্ভগীয়া পিতৃগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীক এই আবেদন জনায় ৷ উল্লেখযোগ্য যে, দহ বছৰ আগতে ধৰ্মনগৰৰ পোষ্ট অফিচ ৰোডৰ সুদীপ নাথৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ পাচৰে পৰা অমিতা নাথক সুদীপ নাথৰ ডাঙৰ ককায়েক পাপ্পু নাথে সম্পত্তিক লৈ নানা ভয়-ভাবুকি দি আহিছিল ৷ তাৰ উপৰি যোৱা ছমাহ আগত অমিতা নাথৰ স্বামী সুদীপ নাথৰো মৃত্যু হয় ৷ ইয়াৰ পাছতে পাপ্পু নাথে যোৱা বুধবাৰে অমিতা নাথৰ ঘৰত ৰাতি প্ৰৱেশ কৰি তেখেতক হত্যা কৰি মৃতদেহটো স্থানীয় খেলপথাৰত পেলাই থয় যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

কন্যাৰ হত্যাকাৰীৰ ফাঁচিৰ আবেদন এশ দহ বছৰীয়া পিতৃৰ

ABOUT THE AUTHOR

...view details