কৰিমগঞ্জ,14 ডিচেম্বৰ : সমগ্ৰ দেশতে ৰাজ্যৰ কৰিমগঞ্জতো অব্যাহত আছে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সোমবাৰে উত্তৰ কৰিমগঞ্জৰ বিধানসভাৰ অন্তৰ্গত ফকিৰবজাৰৰ এখন খেতিপথাৰত অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক সমাজে ৷
কৃষকসকলে উৎপাদন কৰা ধান চৰকাৰে বান্ধি দিয়া নূন্যতম মূল্যত ক্ৰয় কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে । লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইন বাতিল কৰাৰো কঠোৰ দাবী জনায় । কৃষকসকলৰ লগতে প্ৰতিবাদত অংশগ্ৰহণ কৰে কৰিমগঞ্জৰ চিপিআই আৰু সদৌ অসম কৃষক সভাৰ সদস্যসকলে ।