অসম

assam

ETV Bharat / state

Expelled from Society: বিজেপিত যোগদান কৰি কিয় আজি সমাজ বৰ্জিত ফুজাইল আহমদ চৌধুৰী ? - অসমত চৰ্চা হৈ থকা বিষয়

বৰ্তমান সময়ত অসমত চৰ্চা হৈ থকা বিষয় সমূহৰ ভিতৰত এঘৰীয়াকৰণ বিষয়টোও অন্যতম (Expelled from Society) ৷ কোনো গৰ্হিত বা অসামাজিক কাম কৰাৰ বাবে কোনো কোনো সমাজে তেনে ব্যক্তিক এঘৰীয়া কৰে ৷ কিন্তু কৰিমগঞ্জত সংঘটিত এটা ঘটনাই এনেবোৰ বিচাৰকো চেৰাই গৈছে ৷ কিয় এঘৰীয়া হ’ল ফুজাইল আহমদ চৌধুৰীৰ পৰিয়াল, পঢ়ক সবিশেষ...

Expelled from Society
Expelled from Society

By

Published : Nov 16, 2022, 7:43 PM IST

কৰিমগঞ্জ, 16 নৱেম্বৰ:সমাজ বৰ্জিত বা এঘৰীয়া এই বিশেষণ দুটা আপোনালোকৰ নিশ্চয় চিনাকী (Expelled from Society) ৷ ইয়াৰ অৰ্থ বহলাই কোৱাটো হয়তো নিষ্প্ৰয়োজন ৷ বৰ্তমান সময়ত অসমত চৰ্চা হৈ থকা বিষয় সমূহৰ ভিতৰত এঘৰীয়াকৰণ বিষয়টোও অন্যতম ৷ কোনো গৰ্হিত বা অসামাজিক কাম কৰাৰ বাবে কোনো কোনো সমাজে তেনে ব্যক্তিক এঘৰীয়া কৰে ৷ বৰ্তমান সময়ত অৱশ্যে ইয়াৰ সংজ্ঞাৰ ব্যাপক পৰিৱৰ্তন ঘটা দেখা গৈছে ৷

কিছুমান লোকৰ মনত বাহ লৈ থকা এলান্ধু কলীয়া নিয়ম অনুসৰি কোনোৱে যদি স্বাৱলম্বী হ’ব খুজি গাহৰি-মুৰ্গী পোহাৰ দোষ কৰিছে, আন কোনোৱে আকৌ বিয়াত মাছ-মাংস খুৱাই বা অসংবৰ্ণ বিবাহ কৰাই দোষ কৰিছে ৷ মুঠতে বৰ্তমান সমাজৰ একাংশৰ মতে এনে কামবোৰো গৰ্হিত বুলি বিবেচিত হৈছে ৷ যাৰ ফলশ্ৰুতিত বহুতেই সমাজৰ পৰা এঘৰীয়া হৈ মানসিক নিৰ্যাতনৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ কিন্তু কৰিমগঞ্জত সংঘটিত এটা ঘটনাই এনেবোৰ বিচাৰকো চেৰাই গৈছে (Family expelled from Society in Karimganj) ৷

বিজেপিত যোগদান কৰি কিয় আজি সমাজ বৰ্জিত ফুজাইল আহমদ চৌধুৰী ?

আমাৰ সকলোৰে একো একোটা ৰাজনৈতিক মতাদৰ্শ থাকে ৷ গাঁৱৰ হালোৱাজনৰ পৰা চহৰৰ কোটিপতি জনলৈকে সকলোৱে গণতন্ত্ৰৰ অংশ হিচাপে ৰাজনৈতিক মতাদৰ্শ বহন কৰে (Political ideology of People) ৷ কেতিয়াবা একোটা দলৰ কাৰ্যত অসন্তুষ্ট হৈ সেই দলৰ আদৰ্শ এৰি আন দলৰ সৈতে চামিল হোৱাটো সাধাৰণ কথা ৷ কিন্তু সেয়া সকলোৰে বাবেই সাধাৰণ হৈ নপৰে ৷ কৰিমগঞ্জৰ ফুজাইল আহমদ চৌধুৰীৰ পৰিয়ালৰ বাবেও এয়া এক অপৰাধ হৈ পৰিল ৷

পূৰ্বতে কংগ্ৰেছ দলক সমৰ্থন কৰা ফুজাইল আহমদ চৌধুৰীৰ পৰিয়ালে বৰ্তমান যোগ দিলে বিজেপি দলত ৷ তাৰ পিচতেই তেওঁলোকৰ স্বাভাৱিক জীৱনত আউল লাগে ৷ কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত বাদেমাইজ গাঁৱৰ বাসিন্দা ফুজাইল আহমদ চৌধুৰীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে সমাজে তেওঁলোকৰ ওপৰত আৰোপ কৰিছে বিভিন্ন বাধা-নিষেধ (Man expelled from society for joined in BJP) ৷

গাঁৱৰ মছজিদ কমিটীয়ে ফুজাইল আহমদ চৌধুৰীৰ পৰিয়ালক আল্লাৰ উপাসনাৰ বাবে ফৰমান মছজিদত সোমাব নোৱাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে তেওঁৰ সন্তানকো মাদ্ৰাছাত শিক্ষা গ্ৰহণত বাধা প্ৰদান কৰিছে ৷ কেৱল সেয়াই নহয়, ঘৰুৱা শিক্ষকৰ ঘৰত শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰতো ফুজাইল আহমদ চৌধুৰীৰ সন্তানক বাধা প্ৰদান কৰা হৈছে ৷ এই ঘটনাত বাৰুকৈয়ে মৰ্মাহত হৈছে সমগ্ৰ পৰিয়ালটো ৷

ফুজাইল আহমদ চৌধুৰীয়ে মন্তব্য কৰিছে যে, অসমক বাংলাদেশ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ লোক ৷ তেওঁৰ মতে, কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা কথাটো তেওঁৰ ওচৰ-চুবুৰীয়া বা গাঁৱৰ ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ যাৰ বাবে এইদৰে মানসিক হেঁচা প্ৰয়োগ কৰা হৈছে তেওঁৰ ওপৰত ৷

উল্লেখ্য যে, বাদেমাইজ গাঁওখন হৈচে মূলতঃ ভাষিক সংখ্যলঘূ প্ৰধান গাঁও (Minority village in Assam) ৷ পূৰ্বতে গাঁওখন সকলো মানুহেই কংগ্ৰেছৰ সমৰ্থক আছিল যদিও বৰ্তমান ফুজাইল আহমদ চৌধুৰীৰ পৰিয়ালটো তাত একমাত্ৰ বিজেপিৰ সমৰ্থক ৷ তেওঁ দুটিকৈ পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ ৷ চৌধুৰীয়ে বিচাৰে যে, ডাঙৰ হৈ তেওঁৰ সন্তান আই এ এছ, আই পি এছ বা তেনে কোনো উচ্চবৰ্গৰ চাকৰিয়াল হওক ৷ কিন্তু বৰ্তমান সমাজৰ এনে বাধাৰ বাবে তেওঁৰ সন্তানৰ শিক্ষাত বাধা আহি পৰিছে ৷

ফুজাইল আহমদ চৌধুৰীয়ে আক্ষেপ প্ৰকাশ কৰি লকয় যে, চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত কৌটি কৌটি টকা ব্যয় কৰিছে ৷ শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে ৷ কিন্তু তেনে সময়তে সমাজৰ একাংশ লোকৰ বাবে অন্ধকাৰৰ দিশে গতি কৰিছে তেওঁৰ তিনি সন্তাৰ ভৱিষ্যৎ ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী ফুজাইল আহমদ চৌধুৰীয়ে ৷

লগতে পঢ়ক:Unnatural sex by husband: স্বামীৰ পাশৱিক যৌন ক্ষুধাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল পত্নী

ABOUT THE AUTHOR

...view details