সাৱধান ! ফেচবুক লাইভ হ’ব পাৰে কাল - ফেচবুক লাইভ
ফেচবুক লাইভেই কাল হ’ল এজন যুৱকৰ ৷ ত্ৰিপুৰাৰ আগৰতলাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

সাৱধান ! ফেচবুক লাইভ হ’ব পাৰে কাল
কৰিমগঞ্জ,22 জুলাইঃ ফেচবুক লাইভ কৰোঁতে সাৱধান হওক । কিয়নো এটা ফেচবুক লাইভে কাঢ়ি ল’ব পাৰে আপোনাৰ প্ৰাণ । ফেচবুক লাইভ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে । ঘটনা ত্ৰিপুৰাৰ আগৰতলাৰ জলেফা-আমতলী দলঙত । মৃত্যু হোৱা যুৱকৰ নাম ৰাহুল দাস(৩০) । তেওঁ দ্ৰুতগতিত নিজৰ বাইক চলোৱাৰ দৃশ্য দেখুৱাবলৈ ফেচবুক লাইভ কৰিছিল । লগতে আৰু এজন আহত হৈছে বুলি জানিব পৰা গৈছে ।