অসম

assam

By

Published : Mar 17, 2019, 10:23 AM IST

ETV Bharat / state

কৰিমগঞ্জত ডি এল এডৰ পৰীক্ষাত নকল কৰি বহিষ্কৃত 27 পৰীক্ষাৰ্থী

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ অধীনস্থ প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম চমুকৈ ডি এল এডৰক পৰীক্ষা ৷ পৰীক্ষাৰ নামত একাংশ পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰি অহাৰ অভিযোগ লাভ কৰাত কৰিমঞ্জৰ উপায়ুক্ত পি.বি ৰাৱে গঠন কৰিছে দুটাকৈ বিশেষ নিৰীক্ষকৰ দল ।

নকল কৰিবলৈ গৈ ধৰা পৰিল ২৭ গৰাকী পৰীক্ষাৰ্থী

কৰিমগঞ্জ , ১৭ মাৰ্চঃ পৰীক্ষাগৃহত অসৎ পন্থা অৱলম্বন কৰিবলৈ গৈ কৰিমগঞ্জত বহিষ্কৃত হ'ল ২৭ গৰাকী পৰীক্ষাৰ্থী ।বিশেষ নিৰীক্ষকৰ দলৰ অভিযানত বিগত দুটা দিনতধৰা পৰেডি এল এডৰ পৰীক্ষাত নকল কৰা পৰীক্ষাৰ্থীসকল ।

নকল কৰিবলৈ গৈ ধৰা পৰিল ২৭ গৰাকী পৰীক্ষাৰ্থী

উল্লেখ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ অধীনস্থ প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম চমুকৈ ডি এল এডৰক পৰীক্ষা ৷ পৰীক্ষাৰ নামত একাংশ পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰি অহাৰঅভিযোগ লাভ কৰাতকৰিমঞ্জৰ উপায়ুক্ত পি.বি ৰাৱেগঠন কৰিছে দুটাকৈ বিশেষ নিৰীক্ষকৰ দল । এই দলটোৱে কৰিমগঞ্জৰ কালিগঞ্জ , নিলামবজাৰ, বাৰইগ্ৰাম, পাথাৰকান্দি আদি বিভিন্ন পৰীক্ষা কেন্দ্ৰত বিগত দুটা দিনত অভিযান চলাই 27গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে ৷

ABOUT THE AUTHOR

...view details